New Updates

6/recent/ticker-posts

18 Healthy Tips to Prevent Kidney Disease in Assamese ৷ Prevention and Precautions of Kidney Disease in a Simple Way

১৮টা অতি গুৰুত্বপূৰ্ণ বৃক্ক ৰোগৰ প্ৰতিৰোধ কৰাৰ উপায় - কিডনী সুস্থ সবল কৰি ৰখাৰ পৰামৰ্শ

The kidneys have several jobs. One of the most important is helping your body eliminate toxins. The kidneys filter your blood and send waste out of your body in urine.

The kidneys are bean-shaped organs about the size of your fist. They sit under your ribcage, toward your back. Most people have two working kidneys, but people can live well as long as at least one is working correctly.

When the kidneys don’t work effectively, waste products build up in your body. If this happens, you might feel sick. In the most serious situations, kidney failure can be life-threatening. However, many people can manage kidney failure with the right treatment.

In this article, we have provided 18 Healthy Tips to Prevent Kidney Disease in Assamese. So for that here we have covered Prevention and Precautions of Kidney Disease in a Simple Way. Read the complete article on Know How To Prevent Kidney Disease in Assamese.

18 Healthy Tips to Prevent Kidney Disease in Assamese ৷ Prevention and Precautions of Kidney Disease in a Simple Way

18 Healthy Tips to Prevent Kidney Disease in Assamese ৷ Prevention and Precautions of Kidney Disease in a Simple Way

১৮টা অতি গুৰুত্বপূৰ্ণ বৃক্ক ৰোগৰ প্ৰতিৰোধ কৰাৰ উপায় - কিডনী সুস্থ সবল কৰি ৰখাৰ পৰামৰ্শ

কিডনী ৰোগৰ পৰা ৰক্ষা পোৱাৰ কিটিপ

ককালৰ ওপৰ অংশত দুয়োকাষে দুটা কিডনী অৱস্থিত। কিডনী দেখাত  উৰহি গুটিটোৰ দৰে। সোফালৰ কিডনী বাওফালৰ কিডনীতকৈ সামান্য তলত , ডাঠ আৰু সৰু । তন্তুকোষৰে গঠিত খোলাৰ ভিতৰত কিডনী আৱদ্ধ হৈ থাকে। এজন প্ৰাপ্ত বয়সৰ ব্যক্তিৰ কিডনীৰ ওজন প্ৰায় ১৩০-১৫০ গ্ৰাম, ১০-১৩ ছে:মি: দীঘল আৰু প্ৰস্থ ৩-৪ছে:মি:। তেজ শোধন কৰাৰ বাবে কিডনীৰ ভিতৰত প্ৰায় ১০ লাখ নেফ্ৰণ থাকে। অতি সুক্ষ্ম কেশিকাৰে গঠন হোৱা  জালিকা সদৃশ নলীকাবোৰক গ্লমেৰুলাৰ  নেফ্ৰণ বোলা হয়। গ্লমেৰুলাৰ নেফ্ৰণ প্ৰকৃতাৰ্থত এখন ছেকনী ।

কিডনীৰ মূখ্য কাম :

আমাৰ শৰীৰৰ ত থকা কিডনী দুটাৰ মূখ্য কাম তেজ শোধন কৰি শৰীৰৰ বিষাক্ত আৰু অলাগতিয়াল পদাৰ্থ সমূহ পেচাবৰ সৈতে বাহিৰ কৰি শৰীৰ সুস্থ সবল আৰু নিৰোগীকৰি ৰখা। আমাৰ শৰীৰত দুই তৃতীয়াংশ পানী থাকে আৰু এই পানীৰ ভাৰসাম্যতা কিডনীয়ে নিয়ন্ত্ৰণ কৰে। তাৰোপৰি তেজ শোধন কৰি তেজত থকা লৱনৰ গাঢ়তা নিয়ন্ত্ৰণ কৰি ৰাখে।

শৰীৰৰ বৰ্জিত পদাৰ্থ আৰু অতিৰিক্ত লৱণ পেচাবৰ লগত বাহিৰ কৰে‌ । তেজত থকা ক্ষাৰ আৰু অম্লৰ মাজত বিক্ৰিয়া ঘটায় ক্ষাৰ আৰু অম্লৰ সমতুল্যতা নিয়ন্ত্ৰণ কৰে। প্ৰতি মিনিটত গ্লমেৰুলাৰ মাজেৰে একলিটাৰ তেজ প্ৰবাহিত হয় । এই প্ৰবাহিত একলিটাৰ তেজৰ আধা অংশ (৫০০মি:লি:) প্লাজমা। নানা প্ৰকাৰৰ লৱণ,গ্লুক'জ আৰু সূক্ষ্ম কণিকাৰে প্লাজমা গঠিত হয় । প্ৰতি মিনিটত নেফ্ৰণৰ মাজেৰে প্ৰবাহিত এক লিটাৰ তেজৰ প্ৰায় ১০০ মি:লি:তেজহে শোধন হয় ।

এইদৰে কিডনীয়ে প্ৰতিমূহুৰ্তত তেজ শোধন কৰি থকা বাবে আমি জীয়াই থাকিবলৈ সক্ষম হৈছো। সেয়েহে আমি সদায় কিডনী সুস্থ সবল কৰি ৰাখিব লাগিব। অন্যথা তেজ তথা শৰীৰত দূষিত পদাৰ্থ বৃদ্ধি হলে মৃত্যু অনিবাৰ্য্য।

কিডনী সুস্থ সবল কৰি ৰখাৰ কেটামান উপায় তলত উল্লেখ কৰা হল :

Here are some ways to keep your kidneys healthy and strong

(১) জধেমধে বিষনাশক ঔষধ নাখাব। বিষনাশক ঔষধে কিডনী ক্ষতিসাধন কৰে। গেষ্ট্ৰিকৰ PPI ঔষধ  যেনে পেন্টোপ্ৰাজল আৰু ৰবিপ্ৰাজল বেছিদিন খালেও কিডনী ফেইলাৰকে আদি কৰি বিভিন্ন কিডনী ৰোগ হয়। ফাৰ্মাছীৰ ঔষধ বিক্ৰেতাৰ পৰামৰ্শ অনুসৰি ঔষধ নাখাব।

(২) মাদক দ্ৰব্য বৰ্জন কৰিব। আজিকালি ভেজাল মাদকদ্ৰব্যৰ কাৰণেও কিডনী বিকল হয়।

(৩) চালানী মাছ ফৰ্মেলডিহাইদ দি সং‌ৰক্ষন কৰা হয়। সেয়েহে চালানী মাছ খালে কিডনীৰ অপকাৰ
হোৱাৰ উপৰিও কেঞ্চাৰ পৰ্যন্ত হয়।

(৪) বিলাহী , ফুলকবি, উৰহি, বেঙেনা আদি পাচলিত বহুত বেছি ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰে‌ ।এই ধৰণৰ পাচলি খালে কিডনীৰ ক্ষতি হয় । অৱশ্যে নিমখ পানীত কেবাঘন্টা ডুবাই ৰাখি খালে অপকাৰ কমকৈ হয় ।ৰঙালাও বহুতৰ প্ৰিয় পাচলি , সেইবুলি সদায় ৰঙালাও নাখাব। ৰঙালাওত পিউৰিণ নামৰ এবিধ পদাৰ্থ থাকে আৰু তেজত পিউৰিণ মাত্ৰা বাঢ়িলে কিডনিৰ ক্ষতি কৰে।

(৫) চীনা বাদাম, ক'লা আঙুৰ , বীট, তিয়হ , পালেঙ শাকত কেলচিয়াম থাকে বাবে  বেছিকৈ নাখাব‌ । ৰঙালাওত পিউৰিণৰ পৰিমাণ বেছি থাকে বাবে কমকৈ খাব , অন্যথা পিউৰিণৰ কাৰণে বাতৰক্ত বা গাউট নামৰ বিষ বেমাৰৰ উপৰিও কিডনী ৰোগ হব। 

(৬) গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্যত কেলচিয়াম বেছিকৈ থকা বা বাবে কমকৈ খাব। অন্যথা কিডনী ষ্টন হোৱাৰ সম্ভাৱনা‌। 

(৭) আজিকালি ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগ কৰা খাদ্যৰ বাবেও কিডনীৰ নানানটা ৰোগ হয়।

(৮) ডায়েবেটিচ, তেজত ইউৰিক এচিড বঢ়া আদি ৰোগত কিডনী আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা। সেয়েহে মাজে সময়ে ইউৰিক এচিড , ব্লাড চুগাৰ , ইউৰীয়া , ক্ৰিয়েটিনিন আদি পৰীক্ষা কৰিব লাগে । ব্যতিক্ৰম দেখা পালে চিকিৎসা গ্ৰহন কৰিব‌।

(৯)তেতেলি খালে তেজত থকা বিষাক্ত পদাৰ্থ পেচাবৰ লগত বাহিৰ হয় আৰু কিডনীক সুৰক্ষিত কৰি ৰাখে ‌। তেতেলিত টাৰটাৰিক এচিড থাকে‌। 

(১০) কলত যথেষ্ট পৰিমাণে ভিটামিন বি-কমপ্লেক্স থাকে।  ই তেজত থকা অতিৰিক্ত কেলচিয়াম, মেগনেছিয়াম, ফচফেট, অক্জেলেট পেচাবৰ সৈতে বাহিৰ কৰি কিডনী সুৰক্ষিত কৰি ৰাখে ‌।

(১১) নেমুটেঙাত চাইট্ৰিক এচিড থকা বাবে নেমুটেঙা বা নেমূচৰ্বত খাব । নেমুটেঙাৰ ৰসে কিডনীত জমা হোৱা কেলচিয়াম অক্জেলেট, ফছফেট আদি গেদবোৰ গলায় পেচাবৰ সৈতে বাহিৰ কৰি কিডনী পৰিস্কাৰ কৰে। সেয়েহে নেমুটেঙা খালে কিডনী ৰোগৰ পৰা হাতসাৰিব পাৰি।

(১২) অসমীয়াত এষাৰ কথা আছে  " পানীয়েই প্ৰাণ , পানী বিনে নাই আন " । কিমান বিজ্ঞান সন্মত এই বাক্যশাৰী ভাবি চাইছেনে ? 

আমাৰ শৰীৰত দুই তৃতীয়াংশ পানীৰে পৰিপূৰ্ণ। সেয়েহে আমাৰ শৰীৰটো ভালদৰে শোধন হোৱাৰ বাবে চাৰি-পাছ লিটাৰ পানীৰ প্ৰয়োজন। সেয়েহে আমাৰ কিডনী ৰোগমুক্ত কৰি ৰাখিবলৈ প্ৰতিদিনে চাৰিলিটাৰ পানী খাওক।

(১৩) পনৌনোৱা শাকৰ আঞ্জা খালে যিকোনো ধৰণৰ কিডনী ৰোগ হব নোৱাৰে।

(১৪)পূনৰ্ণৱাৰ ৰস , ভাজী বা তৰ্কাৰী খালে কিডনী ৰোগ সহজে হব নোৱাৰে।

(১৫) দূপৰটেঙা পাতৰ ৰস দুচামুচৰ লগত অলপ মিছিৰি মিহলাই দিনে তিনিবাৰ খালে সকলো প্ৰকাৰ কিডনী ষ্টন পেচাবৰ লগত বাহিৰ হয় । তাৰোপৰি আন কিডনী ৰোগ সমূহ ভাল হয়।

(১৬) এক কেজি বৰুণ গছৰ বাকলি চাৰি-পাছ লিটাৰ পানীত সিজাব । পানীৰ পৰিমাণ এক-ডেৰ লিটাৰ থকা অৱস্থাত নমাই ঠাণ্ডা হবলৈ দিব ।পিছত ভালদৰে ছেকি পানীখিনি ৰাখিব। ইয়াক ক্বাথ বোলা হয় । এই বৰুণৰ ক্বাথ চাৰি চামুচকৈ দিনে তিনিবাৰ খালে কিডনী ষ্টন বাহিৰ হোৱাৰ উপৰিও সকলো প্ৰকাৰৰ কিডনী ৰোগ ভাল হয় ।

(১৭) মূলাপাতৰ ৰস  খালে কিডনী ষ্টন পেচাবৰ লগত বাহিৰ হয় । সেয়েহে মূলাপাত খাব লাগে।

(১৮) সকলো ধৰণৰ কিডনী ৰোগৰ পৰা ৰক্ষা পাবলৈ মাজেসময়ে পূনৰ্ণৱাৰিষ্ট চাৰিচামুচকৈ দিনে তিনিবাৰ আৰু চন্দ্ৰ প্ৰভাবটী দূটাকৈ দিনে তিনিবাৰ খাব লাগে।

                       আমি এই উপদেশ মানিব পাৰিলে কমেও ৮০% কিডনী ৰোগ অসমত কমিব । বাকী ২০% ৰোগীৰ বাবে আয়ুৰ্বেদিক চিকিৎসা প্ৰয়োজন হব । 

চিকিৎসা- কিডনী ৰোগত আক্ৰান্ত হলে  চিকিৎসকৰ সৈতে পৰামৰ্শ কৰি আয়ুৰ্বেদিক ঔষধ খালে ৰোগসমূহ ভাল হয়‌। 

(দৈনিক জনমভূমি , ২১/১১/২০১৭ ত প্ৰকাশিত)

- ডা:মনোজ কুমাৰ শইকীয়া

হোৱাটচ এপ - 9435209704

কিডনী ৰোগ সম্পৰ্কীয় এই অতি গুৰুত্বপূৰ্ণ ১৮টা বহুমূলীয়া টিপছ্ বোৰ আপোনাৰ বন্ধু, প্ৰিয়জন, পৰিয়াল বৰ্গ সকলোলৈ প্ৰেৰণ কৰি সকলোকে ইয়াৰ সুফলবোৰ লাভ কৰাত সহায় কৰক।

You can also visit : 

• ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

• লিভাৰ চিৰ'চিছ্ মানেনো কি ? ইয়াৰ লক্ষণ, কাৰণ, প্ৰতিৰোধমূলক ব্যৱস্থা

• ২০ টা অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য সম্পৰ্কীয় টিপছ্

• লতাবেল : ১০ টা লতা বেলৰ স্বাস্থ্য উপকাৰী গুণ

• স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত থলুৱা ব্যঞ্জন

• মহিলাৰ মেদবহুলতাৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায়

• এলাৰ্জীৰ লক্ষণ ইয়াৰ জটিলতাসমূহ আৰু প্ৰতিৰোধ

To follow Health Tips Assam you just need to click the below social media links. Thank You. 

• Visit HomePage - Health Tips Assam

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our Instagram Page

Well if you like this article on 18 Healthy Tips to Prevent Kidney Disease in Assamese ৷ Prevention and Precautions of Kidney Disease in a Simple Way, do comment & show your support by sharing it to the others and if there is any query you are welcome to ask.

Post a Comment

0 Comments