New Updates

6/recent/ticker-posts

What are the Symptoms of Allergies in Assamese | What are the Complications and How Can they be Prevented?

এলাৰ্জীৰ লক্ষণ সমূহ কি কি ? ইয়াৰ ফলত হব পৰা জটিলতাসমূহ কেনেধৰণৰ আৰু ইয়াক প্ৰতিৰোধ কিদৰে কৰিব পাৰি ?

Allergies occur when your immune system reacts to a foreign substance — such as pollen, bee venom or pet dander — or a food that doesn't cause a reaction in most people.

What are the Symptoms of Allergies in Assamese | What are the Complications and How Can they be Prevented?

Symptoms of Allergies in Assamese

Your immune system produces substances known as antibodies. When you have allergies, your immune system makes antibodies that identify a particular allergen as harmful, even though it isn't. When you come into contact with the allergen, your immune system's reaction can inflame your skin, sinuses, airways or digestive system.

The severity of allergies varies from person to person and can range from minor irritation to anaphylaxis — a potentially life-threatening emergency. While most allergies can't be cured, treatments can help relieve your allergy symptoms

In this article, we have provided What are the 7 Symptoms of Allergies in Assamese. So for that here we have covered to give the answer of What are the Complications of Allergies in Assamese in a Simple Way as well as the preventive measures of Allergies also in Assamese. Therefore read the complete article on Symptoms, Complications and the preventive measures of Allergies in Assamese

What are the Symptoms of Allergies? What are the Complications and How Can they be Prevented?

এলাৰ্জীৰ লক্ষণ সমূহ কি কি ? ইয়াৰ ফলত হব পৰা জটিলতাসমূহ কেনেধৰণৰ আৰু ইয়াক প্ৰতিৰোধ কিদৰে কৰিব পাৰি ?

আপোনাৰ সঘনাই চৰ্দী, পানী-লগা হৈ থাকে নেকি? অকমান ঠাণ্ডা লাগিলেই নাক বন্ধ হৈ যায় বা নাকৰ পৰা পানী ওলাবলৈ ধৰে নেকি? ঋতু পৰিবৰ্তন বা ঠাণ্ডা গৰম পৰিবেশ সলনি হোৱাৰ ফলত বা অকমান ধুলি, বালিৰ সংস্পৰ্শত শ্বাস-প্ৰস্বাস লোৱাত অসুবিধাৰ সৃষ্টি হয় নেকি নে নেৰানেপেৰাকৈ হাঁচিয়াবলৈ ধৰে? কিবা খাদ্য বস্তুৰ সেৱনৰ ফলত গা বিজবিজাই আৰু খজুৱতি হয় নেকি? এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ যদি '' হয়'' বুলি কয় তেন্তে ইয়াৰ মূখ্য কাৰণ হব পাৰে এলাৰ্জী। 

এলাৰ্জী হ'ল আমাৰ শৰীৰৰ ঘটা এক ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া। কোনো এলাৰ্জেন (allergen) যেনে - ধুলি, বালি, ঠাণ্ডা, ঋতু পৰিবৰ্তন, কোনো খাদ্যবস্তু, ঔষধ ইত্যাদিৰ প্ৰভাৱ শৰীৰে সহ্য কৰিব নোৱাৰিলে কিছুমান বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু শৰীৰে এই এলাৰ্জেন বিলাক শৰীৰৰ পৰা আতৰাই পঠাবলৈ বা ধ্বংস কৰিবলৈ কিছুমান সহাঁৰি জনাই যাক allergic reaction বুলি কোৱা হয় ।

আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতাই আমাক নিয়মিত ভাবে এই এলাৰ্জেন বিলাকৰ পৰা সুৰক্ষা দি আছে। শৰীৰত allergic reaction সৃষ্টিকাৰী এই এলাৰ্জেন বিলাকক antigen বুলিও কোৱা হয় আৰু শৰীৰত এনে এন্টিজেন প্ৰৱেশ কৰাৰ পিছত এই এন্টিজেন বিলাকক শৰীৰৰ পৰা উলিয়াই পঠাবলৈ বা ধ্বংস কৰিবলৈ তেজৰ শ্বেতৰক্ত কণিকা বিলাকে antibody ৰ সৃষ্টি কৰে ।এই antibody বিলাকৰ কাম হ'ল antigen বিলাক চিনাক্ত কৰি তাক ধ্বংস কৰা। 

এন্টিবডি উৎপন্ন হয় আমাৰ শৰীৰত থকা এবিধ প্ৰটিনজাতীয় পদাৰ্থ যাক Immunoglobulin E বুলি কোৱা হয়। কিন্তু কেতিয়াবা কিছুমান শৰীৰৰ হানি বিঘিনি নঘটোৱা পদাৰ্থকো শৰীৰে এলাৰ্জেন হিচাপে গণ্য কৰি এন্টিবডি উৎপন্ন কৰে যেনে - প্ৰটিনজাতীয় কিছুমান খাদ্য, কচু, বেঙেনা ইত্যাদি। ভিন ভিন এন্টিজেনৰ এন্টিবডিও ভিন ভিন হয়। অৱশ্যে এটা কথা যিকোনো পদাৰ্থই এলাৰ্জীৰ সৃষ্টি কৰিব পাৰে বা এলাৰ্জেন হিচাপে ক্ৰিয়া কৰিব পাৰে। 

ভিন ভিন মানুহৰ বাবে এলাৰ্জেনো ভিন ভিন হয়। সচৰাচৰ আমি দেখা এলাৰ্জেন বিলাকৰ ভিতৰত ধুলি, মাকতি, ফুলৰ ৰেণু (pollen), কিছুমান গছৰ শুং, ঔষধ (যেনে- ibuprofen, sulfa drug, penicillin), কীট-পতংগৰ শুং বা কামোৰণি (যেনে- মহৰ কামোৰণি, মৌ বা বৰলৰ শুং) , কিছুমান খাদ্য পদাৰ্থ (যেনে- মিছামাছ, বেঙেনা, কণী ইত্যাদি), পোহনীয়া জীৱ-জন্তুৰ নোম ইত্যাদিয়েই প্ৰধান। এই allergic reaction নিৰ্ভৰ কৰে মানুহজনৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ ওপৰত আৰু বেছিভাগ ক্ষেত্ৰতে এইটো অনুমান কৰিব পৰা নাযায়।

যেতিয়া আমাৰ তেজত থকা এন্টিবডিয়ে কোনো এটা এন্টিজেন বা এলাৰ্জেন চিনাক্ত কৰে আৰু তাক আক্ৰমণ কৰে সেই এন্টিবডি বিলাকে কিছুমান chemical বা ৰাসায়নিক পদাৰ্থ ক্ষৰণ কৰে যাক mediator বুলি কোৱা হয়।সাধাৰণতে allergic reaction ৰ সময়ত আমাৰ শৰীৰৰ mast cell বিলাক উত্তেজিত হয় আৰু এই mast cell বিলাকৰ পৰাই এন্টিবডি নিৰ্গত হয়। এই mast cell বিলাক সাধাৰণতে ছাল, খাদ্যনলী আৰু শ্বাস প্ৰশ্বাস তন্ত্ৰত বেছিকৈ থাকে। 

সেয়েহে এলাৰ্জীৰ লক্ষণ সমূহ এই অংগসমূহত বেছিকৈ দেখা যায়। allergic reaction ৰ সময়ত mast cell ত থকা এন্টিবডি বিলাকে বিভিন্ন ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে। তাৰ ভিতৰত হিষ্টামিন প্ৰধান। 

অত্যধিক হিষ্টামিন নিৰ্গত হোৱাৰ হোৱাৰ ফলত শৰীৰত এলাৰ্জী উৎপন্ন হয় আৰু কেতিয়াবা অতি বেছি এলাৰ্জী হৈ মানুহৰ শ্বাস-তন্ত্ৰ আৰু হৃদ-ক্ৰিয়া বন্ধ হৈ মৃত্যু পৰ্য্যন্ত হব পাৰে যাক anaphylaxis বুলি কোৱা হয়।

এলাৰ্জীৰ লক্ষণ সমূহ - 

Allergic reaction ৰ ফলত হব পৰা বিভিন্ন লক্ষণ সমূহ তলত দিয়া হ'ল :

* ছালত হোৱা লক্ষণ :- ছাল বিজবিজোৱা, ৰঙা পৰা, খজুৱতি, ফুলি উঠা, পানী জোলা, ছাল উখহি উঠা ইত্যাদি।

* মুখমণ্ডলত হোৱা লক্ষণ - মুখমণ্ডল, ডিঙি, চকুৰ পতা, ওঁঠ, জিভা ফুলি বা উখহি উঠা, মাত ভাঙি যোৱা, মূৰৰ বিষ ইত্যাদি ।

* নাকত হোৱা লক্ষণ - নাকৰ ফুটা বন্ধ হৈ যোৱা, নাকৰ পৰা পানী ওলোৱা (Allergic rhinitis), হাঁচি, নাক আৰু ডিঙিৰ পৰা ডাঠ বিজলুৱা পদাৰ্থ ওলোৱা ইত্যাদি।

* চকুত হোৱা লক্ষণ - চকু ৰঙা পৰা, খজুৱতি, চকুৰ পতা ফুলি যোৱা ইত্যাদি।

* পাকস্থলীত হোৱা লক্ষণ - পেটৰ বিষ, বমি ভাব, বমি, ডায়েৰিয়া, তেজযুক্ত ডায়েৰিয়া ইত্যাদি।

* হাওঁফাওঁত হোৱা লক্ষণ - হাওঁফাওঁৰ পৰা সোঁ সোঁ শব্দ হোৱা, দীঘল দীঘলকৈ উশাহ লোৱা, শ্বাস কষ্ট, মৃত্যু ইত্যাদি।

* অন্য লক্ষণ - ভাগৰুৱা বা অৱশতা, মূৰ আচন্দ্ৰাই কৰা বা ঘূৰোৱা, মূৰ পাতল পাতল লগা, অজ্ঞাত হৈ যোৱা, গোটেই শৰীৰত ৰঙা চকলা চকল দাগ লগতে খজুৱতি (urticaria) ইত্যাদি।

এলাৰ্জেনৰ প্ৰকাৰ আৰু মানুহজনৰ ৰোগ প্ৰতিৰোধী ক্ষমতা অনুযায়ী লক্ষণ সমূহো ভিন ভিন হয়। ওপৰোক্ত লক্ষণ সমূহৰ যিকোনো লক্ষণ দেখা দিলেই চিকিৎসকৰ ওচৰ চপা উচিত। কাৰণ Allergic reaction খুব কম সময়ৰ ভিতৰতে ভয়ানক ৰূপ লব পাৰে।

এলাৰ্জীৰ ফলত হব পৰা জটিলতা - 

এলাৰ্জীৰ ফলত শৰীৰৰ বিভিন্ন অংগ বা অংশ আক্ৰান্ত হব পাৰে -

* যদি নাকৰ শ্লেষ্মাৱৰন আক্ৰান্ত হয় তেন্তে তাৰ পৰা এলাৰ্জিক ৰাইনাইটিচ বা সহজ ভাষাত চৰ্দী বা পানী লগা (hay fever) উৎপন্ন হয়।

* তাৰ পৰা অলপ ভিতৰত naso pharynx আক্ৰান্ত হ'লে adenoid প্ৰভাৱিত হয়।

* Oro pharynx আক্ৰান্ত কৰি টনচিলাইটিচৰ সৃষ্টি কৰে।

* মূখমণ্ডলৰ চাইনাচক আক্ৰান্ত কৰি চাইনাচাইটিছৰ সৃষ্টি কৰে।

* লগতে মূৰৰ ফালে আক্ৰমণ কৰি মাইগ্ৰেইনৰ মূৰৰ বিষৰ সৃষ্টি কৰিব পাৰে।

* ই আমাৰ চুলি সৰা বা চুলিৰ অকাল পক্কতাৰ কাৰণো হব পাৰে ।

* এই এলাৰ্জী যদি শ্বাস নলীৰ তলৰ অংশত গুছি যায় তাৰ পৰা ব্ৰংকিয়েল এজ্মাৰ সৃষ্টি হয়।

যদিও ওপৰত উল্লেখ কৰা বেমাৰবোৰৰ নাম বা লক্ষণ ভিন ভিন হয় ইঁহতৰ কাৰণ একেটাই। সেইটো হৈছে এলাৰ্জী।

পৰীক্ষাগাৰত কৰিব লগীয়া পৰীক্ষা -

* তেজৰ সম্পূৰ্ণ কোষৰ সংখ্যা নিৰ্ণয় (Complete blood count) ।এইটো পৰীক্ষাত তেজৰ ইওচিনোফিল নামৰ কোষৰ সংখ্যা বেছিকৈ ওলাব পাৰে।

* IgE বা ImmunoglobulinE এন্টিবডিৰ পৰীক্ষাৰ সহায়ত মানুহজনৰ কি কি পদাৰ্থৰ প্ৰতি এলাৰ্জী আছে তাক পৰীক্ষা কৰা হয়।

* কিছুমান ইনজেকচন লগোৱাৰ আগতে ছালত পৰীক্ষা (skin test) কৰিব দিয়া হয়।

এলাৰ্জীৰ প্ৰতিৰোধ - 

যি কাৰকৰ পৰা এলাৰ্জীৰ সৃষ্টি হয় সেই কাৰকৰ পৰা আতৰি থকাই একমাত্ৰ প্ৰতিৰোধ। লগতে আমি সুষম আহাৰ, ফলমূল, সেউজীয়া শাক পাচলি বেছিকৈ সেৱন কৰিব লাগে। ধূলি বালি বা প্ৰদূষিত বাতাবৰণৰ পৰা পাৰ্য্যমানে আতৰি থাকিব লাগে।

চিকিৎসা - আধুনিক চিকিৎসা ব্যৱস্থাত এণ্টি-হিষ্টামিনিক, ষ্টেৰইড ইত্যাদি ব্যৱহাৰ কৰা হয় আৰু অতি ভয়াবহ Allergic reaction ৰ ক্ষেত্ৰত এপিনেফ্ৰিন নামৰ ঔষধ (injection) ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও এলাৰ্জীৰ ফলত হোৱা বিভিন্ন লক্ষণ বা জটিলতাৰ বাবে সেই লক্ষণ বা জটিলতা অনুযায়ী চিকিৎসা কৰা হয়।

আয়ুৰ্বেদিক চিকিৎসা - আয়ুৰ্বেদত এই সমস্যাটোৰ প্ৰতিৰোধ তথা ইয়াৰ লক্ষণ আৰু জটিলতা অনুযায়ী বিভিন্ন ঔষধীৰ ব্যৱহাৰৰ উল্লেখ আছে। একক ঔষধীৰ ভিতৰত হৰিদ্ৰা, গুৰুচী, আদা, পিপ্পলী, ক'লা জালুক, দালচেনী, কণ্টকাৰী, বাসা, মূলেথি, তুলসী ইত্যাদিয়েই প্ৰধান।

* শাস্ত্ৰীয় ঔষধ - লক্ষণ আৰু জটিলটাৰ ভিন্নতা অনুযায়ী তলৰ শাস্ত্ৰীয় ঔষধ সমূহ প্ৰয়োগ কৰা হয়, যেনে - হৰিদ্ৰা খণ্ড, ত্ৰিকটু চূৰ্ণ, শীতোপলাদি চূৰ্ণ, মুলেথি চূৰ্ণ, তালিসাদি চূৰ্ণ, গিলোই সত্ব, কৈশোৰ গুগ্গুল, নাৰদীয় লক্ষ্মীবিলাস ৰস, তংকন ভস্ম, স্ফটিকা ভস্ম, কণ্টকাৰী অৱলেহ, বাসা অৱলেহ, চিত্ৰক হৰিতকী অৱলেহ ইত্যাদি।

* পেটেন্ট ঔষধী - চেপ্টিলিন, Immusante, লাৰ্জিনা, শীতপিত্তান্তক বটী ইত্যাদি ।

ওপৰত উল্লেখ কৰা ঔষধসমূহ চিকিৎসকৰ পৰামৰ্শ অবিহনে সেৱন কৰা অনুচিত। কাৰণ ভিন ভিন ৰোগী বা মানুহ অনুসৰি ঔষধো ভিন ভিন হয়।

আগতে কোৱা হৈছে মানুহ এজনৰ এলাৰ্জীৰ প্ৰভাৱ কম বা বেছি হোৱাটো নিৰ্ভৰ কৰে মানুহজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত। 

আজিকালি অশুদ্ধ খাদ্যাভাস আৰু অশুদ্ধ জীৱনশৈলীৰ প্ৰভাৱত আমাৰ শৰীৰত পোষকতত্বৰ অভাৱ (nutritional deficiency) পৰিলক্ষিত হোৱা দেখা যায় আৰু ইয়ে আমাক শাৰীৰিক আৰু মানসিক ভাৱে দুৰ্বল কৰি পেলায়। যাৰ ফলত আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যায় আৰু আমি বাৰে বাৰে বিভিন্ন এলাৰ্জীৰ দ্বাৰা আক্ৰান্ত হওঁ। 

উদাহৰণ স্বৰূপে যদি মানুহ এজন কোনো বেমাৰৰ ফলত দুৰ্বল হৈ পৰো তেতিয়া মানুহজন খুব খিংখিঙিয়া স্বভাৱৰ হয় আৰু সৰু সৰু কথাতে খং উঠে। তেনেদৰে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা দুৰ্বল হ'লে শৰীৰৰ অংগ প্ৰত্যংগ বিলাক খিংখিঙিয়া হয় আৰু অতি সংবেদনশীল (hypersensitive) হয়। 

সৰু সৰু কিছুমান কাৰকৰ প্ৰভাৱত যেনে - ধূলি, ধোঁৱা, পাৰফিউম, ঠাণ্ডা  বাতাবৰণ, ঠাণ্ডা পদাৰ্থ, টেঙা পদাৰ্থ সেৱন, গৰিষ্ঠ ভোজন ইত্যাদিৰ প্ৰভাৱত শৰীৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু অতি সংবেদনশীল হৈ পৰে যাক আমি hypersensitivity reaction বা allergic reaction বুলি কওঁ।

এলাৰ্জীৰ লক্ষণ, কাৰণ, ইয়াৰ ফলত হব পৰা জটিলতাসমূহ কেনেধৰণৰ আৰু ইয়াক প্ৰতিৰোধ কিদৰে কৰিব পাৰি সম্পৰ্কে আলোচিত বিষয়টি আপোনাৰ বন্ধু, প্ৰিয়জন, পৰিয়াল বৰ্গ সকলোলৈ প্ৰেৰণ কৰি সকলোকে ইয়াৰ বিষয়ে তথ্য বোৰ জনাত সহায় কৰক।

You can also visit : 

• ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

• লিভাৰ চিৰ'চিছ্ মানেনো কি ? ইয়াৰ লক্ষণ, কাৰণ, প্ৰতিৰোধমূলক ব্যৱস্থা

• ২০ টা অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য সম্পৰ্কীয় টিপছ্

• লতাবেল : ১০ টা লতা বেলৰ স্বাস্থ্য উপকাৰী গুণ

• স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত থলুৱা ব্যঞ্জন

• ১৮টা অতি গুৰুত্বপূৰ্ণ বৃক্ক ৰোগৰ প্ৰতিৰোধ কৰাৰ উপায়

• মহিলাৰ মেদবহুলতাৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায়

To follow Health Tips Assam you just need to click the below social media links. Thank You. 

• Visit HomePage - Health Tips Assam

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our Instagram Page

Well if you like this article on Causes and Prevention Of Obesity in Women in Assamese | 16 Ways To Prevent And Control Obesity in Assamese, do comment & show your support by sharing it to the others and if there is any query you are welcome to ask.

Post a Comment

0 Comments