New Updates

6/recent/ticker-posts

Cirrhosis of the Liver in Assamese : Symptoms, Causes, Preventive Measures and it's Ayurvedic Treatment

লিভাৰ চিৰ'চিছ্ মানেনো কি ? ইয়াৰ লক্ষণ, কাৰণ, প্ৰতিৰোধমূলক ব্যৱস্থা আৰু আয়ুৰ্বেদিক চিকিৎসা

Cirrhosis of the liver describes a condition where scar tissue gradually replaces healthy liver cells. It is a progressive disease, developing slowly over many years. If it is allowed to continue, the buildup of scar tissue can eventually stop liver function. For cirrhosis to develop, long-term, continuous damage to the liver needs to occur. When healthy liver tissue is destroyed and replaced by scar tissue, the condition becomes serious, because it can start blocking the flow of blood through the liver.

In this article, we have provided the detail about Cirrhosis of the Liver in Assamese. So for that here we have covered all the necessary detail about Cirrhosis of the Liver in Assamese : Symptoms, Causes, Preventive Measures and it's Ayurvedic Treatment everything in Assamese.

Cirrhosis of the Liver in Assamese : Symptoms, Causes, Preventive Measures and it's Ayurvedic Treatment

Cirrhosis of the Liver in Assamese : Symptoms, Causes, Preventive Measures and it's Ayurvedic Treatment

লিভাৰ চিৰ'চিছ্ মানেনু কি ? ইয়াৰ লক্ষণ, কাৰণ, প্ৰতিৰোধমূলক ব্যৱস্থা আৰু আয়ুৰ্বেদিক চিকিৎসা

লিভাৰ বা যকৃতে আমাৰ তেজৰ অধিক সংখ্যক ৰাসায়নিক পদাৰ্থৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে আৰু পিত্তৰস বা bile নামৰ এবিধ পদাৰ্থ নি:সৰণ কৰে যিয়ে লিভাৰত উৎপন্ন অলাগতীয়াল বৰ্জনীয় পদাৰ্থখিনি পায়খানা আৰু পেচাবৰ জড়িয়তে শৰীৰৰ পৰা বাহিৰ কৰি পঠোৱাত সহায় কৰে। পাকস্থলী আৰু অন্ত্ৰলৈ যোৱা আটাইখিনি তেজ লিভাৰৰ মাজেৰে পাৰ হৈ যায়। এই তেজখিনি লিভাৰে বিভিন্ন প্ৰক্ৰিয়াৰে পৰিশোধিত কৰি ইয়াক শৰীৰৰ বাবে উপযুক্ত বনায় আৰু ইয়াৰ পৰা শৰীৰৰ বাবে লাগতীয়াল পোষক দ্ৰব্য উৎপন্ন কৰে। লগতে আমি সেৱন কৰা বিভিন্ন বিষাক্ত ঔষধ তথা খাদ্যৰ লগত মিহলি বিভিন্ন বিষাক্ত পদাৰ্থ তথা এলকহল ইত্যাদিৰ বিপাক প্ৰক্ৰিয়াৰে পৰিশোধিত কৰি শৰীৰে গ্ৰহণ কৰিব পৰাকৈ উপযুক্ত বনায়। এনেদৰে লিভাৰে আমাৰ শৰীৰৰ প্ৰায় ৫০০ ৰো অধিক অত্যাৱশ্যকীয় কাৰ্য্য সম্পাদন কৰে।

লিভাৰ চিৰ'চিছত লিভাৰ বা যকৃতৰ কলাবিলাক লাহে লাহে বিনষ্ট হবলৈ ধৰে যাৰ ফলত ৰোগীজন বহুতো সমস্যাৰ সন্মুখীন হব লগীয়া হয়। ইয়াক আমি পুৰণি যকৃৎ ৰোগ বা chronic liver disease (CLD) বুলিও অভিহিত কৰিব পাৰো য'ত যকৃতৰ স্বাভাৱিক কাৰ্য্য বাধাগ্ৰস্ত হয় বা যকৃতে ইয়াৰ কাৰ্য্য সম্পাদন কৰা ক্ষমতা হেৰুৱাই পেলায়।

লিভাৰ চিৰ'চিছত ৰোগীজনৰ যকৃৎ বা লিভাৰৰ এক বিস্তৃত অংশত fibrosis হোৱা দেখা যায় ।fibrosis মানে হ'ল কঠিন বা টান হৈ পৰা। সাধাৰণতে বিন্যাস বা গঠনৰ ফালৰ পৰা লিভাৰ ৰবৰৰ নিচিনা স্থিতিস্থাপক বা elastic গুণসম্পন্ন হয়।

কোনো কাৰণ বশতঃ লিভাৰ যদি লাহে লাহে কঠিন হবলৈ ধৰে বা ইয়াৰ fibrosis হবলৈ আৰম্ভ হয় তেন্তে সেই অৱস্থাটোক লিভাৰ চিৰ'চিছ্ হোৱা বুলি কোৱা হয় আৰু ক্ৰমান্বয়ে লিভাৰৰ কলাবোৰে ইয়াৰ স্থিতিস্থাপক গুণ হেৰুৱাবলৈ ধৰে। লগতে লিভাৰটো টেমুনাৰে (nodule) ভৰি পৰিবলৈ ধৰে। এই টেমুনা বিলাক সৰু সৰু আকৃতিৰো হব পাৰে বা ডাঙৰো হব পাৰে। গতিকে যেতিয়াই লিভাৰ বা যকৃতে ইয়াৰ নিজৰ স্থিতিস্থাপক গুণ হেৰুৱাই ইয়াৰ কলাবিলাক টান বা কঠিন হৈ পৰে সেই অৱস্থাটোকেই লিভাৰ চিৰ'চিছ্ হোৱা বুলি কোৱা হয়।

লিভাৰ চিৰ'চিছৰ কাৰণ:-

যেতিয়াই লিভাৰ চিৰ'চিছৰ কাৰণ সম্পৰ্কে আলোচনা কৰা হয় আমি বিভিন্ন প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণ যেনে- হেপাটাইটিছ বি, হেপাটাইটিছ চি ইত্যাদিৰ কথা কব লাগিব। প্ৰায় ৫০ শতাংশ লিভাৰ চিৰ'চিছ্ হেপাটাইটিছ বি ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা দেখা যায়। ইয়াৰ পিছতেই হেপাটাইটিছ চি ভাইৰাছ এটি ডাঙৰ কাৰণ হিচাপে দেখা যায়। লগতে alcoholic liver disease ৰ ফলতো বহুতো লোকৰ লিভাৰ চিৰ'চিছ্ হোৱা দেখা যায়। ইয়াৰ উপৰিও কিছুমান বিষাক্ত দ্ৰব্যৰ সেৱনৰ ফলতো লিভাৰৰ কোষসমূহ ধ্বংস হৈ (necrosis) লিভাৰ চিৰ'চিছ্ উৎপন্ন হব পাৰে।

লিভাৰ হ'ল এনেকুৱা এটা অংগ যাৰ নৱীকৰণ ক্ষমতা (regeneration capacity) বহু বেছি। উদাহৰণ স্বৰূপে কোনো লোকৰ যদি সাধাৰণ ভাইৰাছযুক্ত হেপাটাইটিছ বা জণ্ডিছ হয় তেনে লোকৰ লিভাৰৰ কোষ কিছুমান ধ্বংস হয়। কিন্তু সথিক ঔষধ তথা জিৰণিৰ ফলত কিছু দিন পিছত লিভাৰটো সম্পূৰ্ণৰূপে থিক হৈ যায়।

লিভাৰৰ ধ্বংস হোৱা কোষসমূহ পুনৰ নৱীকৰণ হৈ লিভাৰটো পুনৰ আগৰ সুস্থ অৱস্থালৈ ঘূৰি আহে। কিন্তু ধাৰাবাহিক ভাবে মদ্যপান কৰাৰ ফলত যদি লিভাৰৰ কোষসমূহ ধ্বংস হবলৈ ধৰে আৰু তেনে লোকে যদি মদ্যপান ত্যাগ নকৰে তেনে ক্ষেত্ৰত লিভাৰৰ কোষসমূহ নৱীকৰণ হোৱাত বাধাৰ সৃষ্টি হয় আৰু লিভাৰৰ কোষসমূহ ধ্বংস হোৱা প্ৰক্ৰিয়াটো চলি থাকে। যাৰ ফলত লিভাৰত বিভিন্ন ৰাসায়নিক বিক্ৰিয়া সৃষ্টি হয় আৰু লিভাৰৰ fibrosis বা লিভাৰটো কঠিন হবলৈ ধৰে আৰু শেষলৈ ই লিভাৰ চিৰ'চিছলৈ ৰূপান্তৰিত হয়।

অন্য এটা ৰহস্যময় কথা হ'ল যে লিভাৰৰ যদি কিছু অংশ অৰ্থাৎ ১০ শতাংশও কাৰ্য্যক্ষম বা সুস্থ হৈ থাকে তেতিয়াও চিৰ'চিছ্ সম্পৰ্কীয় কোনো লক্ষণ শৰীৰত দেখা নিদিব পাৰে। সেয়েহে লিভাৰ চিৰ'চিছৰ বেছি সংখ্যক ৰোগী (প্ৰায় ৫০ শতাংশ) ৰ ক্ষেত্ৰত আৰম্ভণিতে কোনো লক্ষণেই দেখা পোৱা নাযায়।

এক তৃতীয়াংশ ৰোগীৰ ক্ষেত্ৰত লিভাৰ চিৰ'চিছ্ হোৱাৰ পিছতো কোনো লক্ষণ দেখা নিদিব পাৰে। কিন্তু যেতিয়াই আমাৰ লিভাৰটো সংকুচিত হবলৈ ধৰে তেতিয়াই portal hypertension ৰ ৰূপত প্ৰথম লক্ষণ দেথা যায়। অৰ্থাৎ লিভাৰত থকা ক্লোম সিৰা (portal vein) ত তেজৰ চাপ (pressure) বৃদ্ধি হবলৈ ধৰে। সাধাৰণতে portal vein ত তেজৰ চাপৰ স্বাভাৱিক পৰিমাণ হ'ল পাৰাস্তম্ভৰ ৭ মিলিমিটাৰ। কিন্তু যেতিয়াই লিভাৰ চিৰ'চিছ্ পৰ্য্যায় ক্ৰমে আগবাঢ়িবলৈ ধৰে তেতিয়াই portal vein ৰ ভিতৰত তেজৰ চাপ বৃদ্ধি পাবলৈ ধৰে আৰু তেজৰ চাপ পাৰাস্তম্ভৰ ১০ মিলিমিটাৰ বা তাতকৈ অধিক হ'লে তথা এই চাপটো একেৰাহে চলি থাকিলে আৰু চাপ নকমিলে তাক আমি portal hypertension বুলি অভিহিত কৰো।

Portal hypertension হোৱাৰ লগে লগে ৰোগীজনৰ লক্ষণ দেখা দিবলৈ ধৰে। ৰোগীজনৰ esophageal varices নামৰ লক্ষণ দেখা দিব পাৰে য'ত portal hypertension ৰ বাবে খাদ্যনলীৰ ভিতৰত থকা তেজৰ সিৰাসমূহ স্ফীত বা বহল হবলৈ লয় আৰু কেতিয়াবা এই সিৰা বা vein ফাটি গৈ মুখেৰে তেজ বমি বা ৰক্তক্ষৰণ হবলৈ ধৰে। তেনেদৰে গূহ্যদ্বাৰত থকা সিৰা বা rectal vein সমূহ স্ফীট হৈ আৰু এই সিৰা সমূহৰ ভিতৰত তেজৰ চাপ বৃদ্ধি হৈ ফাটি গৈ গূহ্যদ্বাৰেৰে ৰক্তক্ষৰণ হোৱাও দেখা যায়। লাহে লাহে portal vein ত ৰক্ত চলাচলত বাধাৰ সৃষ্টি হবলৈ ধৰে আৰু ascites উৎপন্ন হবলৈ লয়। অৰ্থাৎ পেটত বা peritoneal cavity ত পানী তথা লসিকা (plasma) জমা হবলৈ ধৰে।

গতিকে লিভাৰ চিৰ'চিছৰ আৰম্ভণিতো লক্ষণবিহীন হয় কিন্তু পিছলৈ এনেকুৱা লক্ষণ দেখা যায় যিবিলাক নিয়ন্ত্ৰণ কৰিবলৈ কঠিন হয় বা নিয়ন্ত্ৰণহীন হয়। যেনে- oesophageal varices বা মুখেৰে ৰক্তক্ষৰণ বা rectal varices অৰ্থাৎ গূহ্যদ্বাৰেৰে ৰক্তক্ষৰণ হোৱা, ascitis বা পেটত পানী জমা হোৱা ইত্যাদি। ইয়াৰ উপৰিও spider angioma নামৰ লক্ষণো দেখা যায় য'ত শৰীৰৰ বিভিন্ন অংশত যেনে-মুখমণ্ডল বা বুকুত সৰু সৰু তেজ পৰিবাহী নলিকাবিলাক ফুলি মকৰা জালৰ নিচিনা জালিকাৰ সৃষ্টি হব পাৰে যাক আমি spider angioma বুলি কওঁ ।ইয়াৰ উপৰিও কেতিয়াবা palmar erythema অৰ্থাৎ হাতৰ চালবিলাক পাতল হৈ গৈ ৰঙচুৱা হৈ পৰিব পাৰে। এই লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি আমি লিভাৰ চিৰ'চিছক চিনাক্ত কৰিব পাৰো।

তদুপৰি পৰীক্ষাগাৰত কৰা কিছুমান পৰীক্ষাৰ দ্বাৰা তথা radiological পৰীক্ষাৰ সহায়ত যেনে - পেটৰ আল্ট্ৰাচন'গ্ৰাফীৰ জড়িয়তে আমি জানিব পাৰো ৰোগীজনৰ লিভাৰ চিৰ'চিছ্ হৈছে নে নাই বা যদি হৈছেও কি কাৰণত হৈছে বা কি পৰ্য্যায়ত আছে। তেজৰ Liver function test ৰ সহায়ত আমি অনুমান কৰিব পাৰো ৰোগীজনৰ লিভাৰৰ কিবা সমস্যা আছে নেকি।

সাধাৰণতে লিভাৰ চিৰ'চিছত লিভাৰৰ এনজাইম কিছুমান যেনে - SGOT, SGPT, GGPT, Alkaline phosphate ইত্যাদি বৃদ্ধি হোৱা দেখা যায়। এই এনজাইমসমূহ বৃদ্ধি হোৱা বুলি ধৰা পৰিলেও ইয়াৰ দ্বাৰা আমি ৰোগটো অনুমানহে কৰিব পাৰো। লিভাৰ চিৰ'চিছ্ ধৰা পেলোৱা আটাইতকৈ নিৰ্ভৰযোগ্য পৰীক্ষাটো হৈছে পেটৰ আল্ট্ৰাচন'গ্ৰাফী। কাৰণ সাধাৰণ হেপাটাইটিছ বা জণ্ডিচ, হেপাটাইটিছ বি, হেপাটাইটিছ চি ইত্যাদি ৰোগসমূহ থাকিলেও লিভাৰৰ এই এনজাইমসমূহ বৃদ্ধি পাব পাৰে। আনহাতে আল্ট্ৰাচন'গ্ৰাফীত কিবা সন্দেহ থাকিলে লিভাৰৰ fibro scan বা CT Scan পৰ্য্যন্ত কৰিব পৰা যায়। Fibro scan ৰ সহায়ত লিভাৰৰ স্থিতিস্থাপকতা (elasticity) কিমান হ্ৰাস পাইছে বা কিমান কঠিন হৈ পৰিছে বা লিভাৰ চিৰ'চিছৰ পৰ্য্যায়টো ধৰা পেলাব পৰা যায়। সেয়েহে মাজে সময়ে পেটৰ আল্ট্ৰাচন'গ্ৰাফী কৰাই থাকিলে আমি লিভাৰৰ অৱস্থাটোৰ বিষয়ে জ্ঞাত হৈ থাকিব পাৰো।

লিভাৰ চিৰ'চিছৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা :-

১/ মদ্যপান বা এলকহল সেৱন সম্পূৰ্ণ ৰূপে বন্ধ কৰা উচিত। দেখা গৈছে যে যিসকল লোকে দৈনিক ৮০ গ্ৰাম বা ততোধিক ইথানল বা এলকহল সেৱন কৰে বিশেষকৈ ভাৰতীয় সকলৰ ক্ষেত্ৰত ১৫ ৰ পৰা ২০ বছৰৰ ভিতৰত ৫০ ৰ পৰা ৭০ শতাংশ লোকৰ লিভাৰ চিৰ'চিছত ভূগাৰ সম্ভাৱনা থাকে আৰু ইয়াৰে ভিতৰত আকৌ ১৫ ৰ পৰা ২০ শতাংশ লোকৰ লিভাৰৰ কৰ্কট ৰোগ বা carcinoma of liver হোৱাৰ আশংকা থাকে।লিভাৰ চিৰ'চিছৰ বাবে যদি লিভাৰটো ৬০-৭০ শতাংশও বিনষ্ট হৈ গৈছে আৰু সেই সময়তো যদি ৰোগী এজনে মদ্যপান বন্ধ কৰিব পাৰে তেতিয়াও মানুহজনৰ সম্পূৰ্ণ আৰোগ্য লাভৰ সম্ভাৱনা থাকে আৰু কেতিয়াও Liver transplant কৰাৰ আৱশ্যকতা নহয়।

২/ আমিষজাতীয় খাদ্য বিশেষকৈ মাংস তথা চৰ্বীজাতীয় খাদ্য বিশেষকৈ দুগ্ধজাত খাদ্য তথা ফাষ্টফুড, জাংকফুদ, পেকেজ ফুড ইত্যাদি সেৱন বন্ধ কৰা উচিত।

৩/ প্ৰটিনযুক্ত খাদ্য বেছিকৈ সেৱন কৰা উচিত।

আয়ুৰ্বেদিক দৃষ্টিভংগী :-

বহু সময়ত লিভাৰ চিৰ'চিছক আয়ুৰ্বেদত কুম্ভ- কামলাৰ লগত তুলনা কৰা হয়। লিভাৰ চিৰ'চিছত আমাৰ শৰীৰৰ পিত্ত দোষৰ প্ৰকোপ বৃদ্ধি পায়। যিহেতু যকৃৎ বা লিভাৰ পিত্তৰ অৱস্থান হয় ইয়াৰ ফলত যকৃতৰ কাৰ্য্যক্ষমতাত প্ৰভাৱ পৰে আৰু শৰীৰৰ অন্য দোষ বা ধাতু সমূহতো ইয়াৰ প্ৰভাৱ পৰে। যেনে- ইয়াৰ ফলত ৰসধাতু আৰু ৰক্তধাতু দূষিত হয় আৰু শৰীৰৰ অন্য ধাতু সমূহো দুৰ্বল হয় পৰে। কাৰণ ৰসধাতুৰ পৰাই শৰীৰৰ অন্য ধাতুসমূহৰ পোষণ হয়। লিভাৰ চিৰ'চিছৰ ফলত পিত্তৰ প্ৰায় সকলোবিলাক কাৰ্য্য প্ৰভাৱান্বিত হয়। যেনে- খাদ্যৰ পাচন প্ৰক্ৰিয়া, ছালৰ বৰণ, ভোক লগা, শৰীৰত তেজৰ উৎপাদন ইত্যাদি বাধাপ্ৰাপ্ত হয়।

আয়ুৰ্বেদিক চিকিৎসা :-

আয়ুৰ্বেদত লিভাৰ চিৰ'চিছৰ ফলপ্ৰসূ চিকিৎসা আছে যদিহে ৰোগীজনক আৰম্ভণি অৱস্থাতেই পোৱা যায়। বিশেষকৈ হেপাটাইটিছ বি বা চিৰ বাবে এলোপেথিকত কোনো ফলপ্ৰসূ চিকিৎসা বিচাৰি পোৱা নাযায় যদিও আয়ুৰ্বেদত এই ৰোগৰ ক্ষেত্ৰত ১০০ শতাংশ ফলপ্ৰসূ চিকিৎসা পোৱা যায়। তলত আয়ুৰ্বেদিক চিকিৎসাত ব্যৱহৃত কিছুমান ঔষধৰ নাম দিয়া হ'ল। এই ঔষধ সমূহ এজন অৰ্হতাসম্পন্ন আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ অনুযায়ী সেৱন কৰা উচিত।

ঔষধ সমূহ হ'ল - যকৃত প্লীহাৰি লৌহ, আৰোগ্য বৰ্ধিনী বটী, জলোদৰাৰী ৰস, পুনৰ্নবাদি মণ্ডুৰ, বৃহৎ লোকনাথ ৰস, সুতশেখৰ ৰস, স্বৰ্ণ মাক্ষিক, তাম্ৰ ভস্ম, ৰেহিতকাৰিষ্ট, শিবা গুটিকা, ফলত্ৰিকাদি ক্বাথ, লিভ ৫২ এইচ্ বি, পুনৰ্নবাৰিষ্ট ইত্যাদি ।ইয়াৰ উপৰিও শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবেও ওপৰোক্ত ঔষধ সমূহৰ লগত কিছুমান অন্য ঔষধ প্ৰয়োগ কৰা হয়। যেনে- গিলোই স্বত্ব, গুডুচী ইত্যাদি।

তলত হেপাটাইটিছ বি ৰোগৰ দ্বাৰা আক্ৰান্ত কেইজনমান ৰোগীৰ আয়ুৰ্বেদিক চিকিৎসাৰ জড়িয়তে তেজত হেপাটাইটিছ বি ভাইৰাছৰ মাত্ৰা কমি স্বাভাৱিক অৱস্থালৈকে ঘূৰি অহাৰ উদাহৰণ আগবঢ়োৱা হ'ল।

To follow Health Tips Assam you just need to click the below social media links. Thank You. 

• Visit HomePage - Health Tips Assam

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our Instagram Page

Well if you like this article on Cirrhosis of the Liver in Assamese : Symptoms, Causes, Preventive Measures and it's Ayurvedic Treatment, do comment & show your support by sharing it to the others and if there is any query you are welcome to ask.

Post a Comment

0 Comments