New Updates

6/recent/ticker-posts

Ethnic Foods of Assam : Its Role In Health Protection in Assamese | Famous 7 Traditional Dishes Of Assam for Good Health

স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত থলুৱা ব্যঞ্জন - স্বাস্থ্য ৰক্ষাত অসমীয়া থলুৱা খাদ্য কিমান উপকাৰী ?

Food is one of the basic necessities of life. The world has progressed from an era of agriculture-based development to industrialization and back to the ethnic or local produce to make food more accessible and healthier for all individuals. The best processes developed during industrialization were used for making locally available food into healthier options. There is an increasing interest in slow foods, that is food eaten for pleasure rather than survival, in developed countries. Ethnic foods are those which originated from a culture and heritage with the use of knowledge of local ingredients of plant and animal sources. This article deals with the different types of Ethnic foods of Assam emphasizing the health benefits for these traditional foods.

In this article, we have provided Ethnic Foods of Assam : Its Role In Health Protection in Assamese. So for that here we have covered Famous 7 Traditional Dishes Of Assam for Good Health. So read the complete article on Famous 7 Traditional Dishes Of Assam in Assamese.

Ethnic Foods of Assam : Its Role In Health Protection in Assamese | Famous 7 Traditional Dishes Of Assam for Good Health

Ethnic Foods of Assam : Its Role In Health Protection in Assamese | Famous 7 Traditional Dishes Of Assam for Good Health

স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত থলুৱা ব্যঞ্জন - স্বাস্থ্য ৰক্ষাত অসমীয়া থলুৱা খাদ্য কিমান উপকাৰী ?

এটা পৰিয়ালৰ সুস্বাস্থ্যৰ চাবি কাঠি ঘৰৰ গৃহিনীৰ হাতৰ মুঠিত। তেৱেঁই সুষম, স্বাস্থ্য সন্মত, পুষ্টিকৰ ব্যঞ্জন বনাই আপ্যায়িত কৰি সকলোকে নিৰোগী আৰু স্বাস্থ্যবান কৰি ৰাখিব পাৰে। বিশেষকৈ আমাৰ থলুৱা ব্যঞ্জন সমূহ বহু স্বাস্থ্য সন্মত, ঔষধি গুণ সম্পন্ন আৰু বিজ্ঞান সন্মত। ' Every  authentic recipe has it's own medicinal value' । উক্ত লিখনিত অকণমান থুলমূলকৈ অসমীয়া থলুৱা ব্যঞ্জন সমূহৰ উপকাৰীতা সম্পৰ্কে আলোচনা কৰা হৈছে। আশাকৰো লিখনিটিৰ জড়িয়তে উপকৃত হব।

অসম যিহেতু এখন কৃষি প্ৰধান দেশ, সেইবাবে শাক পাচলিকে ধৰি ইয়াত নানা ধৰণৰ খেতি কৰা হয়। সেইবাবেই ইয়াৰ প্ৰায় সকলো খাদ্য থলুৱা উপকৰণেৰে তৈয়াৰী।

থলুৱা ব্যঞ্জনে আমাক বহু ৰোগৰ কৱলৰ পৰাও বচাই ৰাখে। তেনে কিছুমান থলুৱা ব্যঞ্জন হৈছে :

বিভিন্ন প্ৰকাৰৰ শাকৰ আঞ্জা যেনে -

বহাগ বিহুত খোৱা এশ এবিধ শাকৰ আঞ্জা,

মৰিছা,

খুঁতৰা,

কলমৌ আদি শাকৰ আঞ্জা,

ঔটেঙা দি বনোৱা ঢেকীয়া শাকৰ আঞ্জা,

মানিমুনি,

মাটিকাদুৰি,

বনজালুক,

নৰসিংহ দি বনোৱা মাছ,

মাংসৰ জালুকীয়া,

কলদিল আৰু পাৰ মাংসৰ জালুকীয়া,

পচলাৰ বিবিধ ব্যঞ্জন,

কচুথোৰৰ জালুকীয়া,

মধুসুলেং,

টেঙামৰা,

চুকা শাক আদি বিভিন্ন টেঙা দি বনোৱা মাছৰ জোল,

কাঠ আলু দি বনোৱা মাটিমাহৰ দাইল,

খৰিচা বা বাঁহৰ গাজ আৰু খৰিচাৰ লগত বনোৱা মাছ,

মাংসৰ ব্যঞ্জন,

কলখাৰ দি বনোৱা অমিতা, তিয়ঁহ, বন্ধাকবি আদি বিভিন্ন খাৰ ব্যঞ্জন,

খাৰলি বা বেহুৱা(খাৰ দি বনোৱা সৰিয়হ),

কাঁহুদি বা পানীটেঙা,

শুকোতা(শুকান মৰাপাট), তিতাফুল, ভেকুৰী, শেৱালি আদি তিতা ব্যঞ্জন,

পোৰা আলু, বিলাহী, বেঙেনা, গৰৈ, পুঠী মাছ আদিৰ নানা বিধৰ পিতিকা,

কলপাত বা হালধি পাতত দি জুইত সেকা মাছ, ধনীয়া, পালেং, তিল আদিৰ চাটনি ইত্যাদি

স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত থলুৱা ব্যঞ্জন :

(1) কলপচলা:-

ইউৰিক এচিড, কিডনী ষ্টন, প্ৰসাৱ জনিত বিভিন্ন সমস্যা, কৌষ্ঠ কাঠিন্য, ডায়েবেটিছ আৰু বহুতো ৰোগত কল পচলা উপকাৰী। ভোজৰ ( feast) পচলা দিয়া জ্বলা ভাজিখন সঁচাই সুস্বাদু আৰু স্বাস্থ্যকৰ। কল পচলা আহজাতীয় পাচলি (high fiber আছে)। 

(2) কলখাৰ:- 

ভীমকলৰ বাকলি শুকুৱাই ৰখা হয় আৰু সেই বাকলি পুৰি খাৰ বনাই বিভিন্ন ব্যঞ্জনত দিয়া হয়( নামনি অসমত  বিশেষকৈ ভীমকলৰ মধুনাৰ পৰা খাৰ প্ৰস্তুত কৰা হয়) যেনে অমিতাৰ খাৰ, তিতাফুলৰ খাৰ, মাটিমাহৰ খাৰ, বন্ধা কবিৰ পাতৰ খাৰ আদি। খাৰৰ মুখ্য কাম হৈছে শৰীৰৰ শোধন( body detox) কৰা, অতিৰিক্ত এচিডক নিষ্ক্ৰিয় কৰি শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা। কফ জমা হৈ মাত বহি গলে কলখাৰ অকণমান বনাই মিঠাতেল দি গৰম ভাতৰ লগত সানি খাওক। সুফল পাবই। মোৰ নিজৰ জীৱনৰ ব্যক্তিগত অভিজ্ঞতা।ছালৰ বিভিন্ন ৰোগত( বিশেষকৈ এলাৰ্জি জনিত ৰোগ, পিম্পলছ আদি)  মাজে মাজে খাৰ খালে তেজৰ শোধন হয়( blood purification) ।

(3) খৰিচা:-

বাঁহৰ গাজ ( বিশেষকৈ ভলুকা বাঁহৰ ভাল হয়) বটলত ভৰাই টেঙা হোৱাৰ পাছত চাটনি হিচাপে বা মাছ মাংসৰ লগত , বা অন্য ব্যঞ্জনৰ লগত বনাই খোৱা হয়। মাগুৰ ,শিঙি বা গৰৈ আদি মাছ পুৰণা খৰিচা দি শুকনি( As a natural healing medicine ) হিচাপে প্ৰসূতা তিৰোতাক খাবলৈ দিয়া হয়( after delivery) ।চৰ্বি জাতীয়( fatty food) খাদ্য খাবলৈ দিয়া নহৈছিল ।  চাওক চোন আমাৰ পূৰ্বজ সকলৰ খাদ্য সম্বন্ধে কিমান বিজ্ঞান সন্মত জ্ঞান আছিল । শুকান খৰিচা বৰল, মৌ মাখিয়ে বিন্ধিলে লগাই দিলে অতি সোনকালে সুফল পোৱা যায়।

(4) তৰা পাত , হালধি পাত আদিত দিয়া পিঠা পনা:-

অসমীয়া পৰম্পৰাগত পিঠা পনা প্ৰস্তুত কৰা পদ্ধতি সমূহ সম্পূৰ্ণ বিজ্ঞান সন্মত আছিল। তৰা পাত, হালধি পাতত পিঠা পনা বনাই ব্যঞ্জন সমূহৰ ঔষধি গুণাগুণ বৃদ্ধি কৰিছিল। তিল পিঠাৰ তিলৰ গুণাগুণ সকলোৱে জানেই,বিশেষকৈ ছাল চুলিৰ সৌন্দৰ্য বৃদ্ধিত তিলৰ ভূমিকা অপৰিসীম।

(5) মাছ, মাংস আৰু বন শাকৰ জালুকীয়া:- 

কাহ, চৰ্দি, জ্বৰ আদি হলে লোকেল মুৰ্গীৰ জালুকীয়া খাবলৈ দিয়া হয়। মানিমুনি, নৰসিংহ, ভেদাইলতা, বন জালুক, মাটিকাদুৰি দিয়া মাছৰ জালুকীয়া খন সকলোৰে স্বাস্থ্যৰ বাবে উপকাৰী। জালুক, আদা, নহৰু দি নামমাত্ৰ তেলত বনোৱা এই ব্যঞ্জন সমূহে শাকৰ ঔষধি গুণ দুগুণে বঢ়াই দিয়ে।

(6) তিতা ফুল, শেৱালি ফুল শুকুৱাই বহুত দিনলৈ ভালে ৰাখিব পাৰি। দুয়োবিধ কফ জনীত ৰোগ, কৃমি জনীত ৰোগত উপকাৰী।

(7) ওখোৱা চাউলৰ ভাত:- 

এইবিধ ভাতত ষ্টাৰচ (মাৰ) কম থাকে বাবে ডায়েবেটিচ ৰোগীৰ বাবে উত্তম পথ্য। শিশুৰ বাবেও ওখোৱা চাউলৰ পিঠাগুড়ি খুবেই উপকাৰী। 

(মধুশোলেং, চুকা,টেঙামৰা দিয়া ডালি বা মাছৰ জোলখন সোৱাদেৰে ভৰা আৰু বহু পুষ্টিকৰ) 

এই পোষ্টটো দিয়াৰ এটাই উদ্দেশ্য যে আমি প্ৰত্যেকেই আমাৰ পৰম্পৰাগত খাদ্য সমূহৰ উপকাৰীতা বুজি মাজে মাজে খোৱা উচিত।ৰেস্তোৰাঁত বহি বিদেশী খাদ্যৰ জুতি লৈ লৈ দেহাটো বেমাৰী কৰাতকৈ আহকচোন আমি আমাৰ থলুৱা ব্যঞ্জন সমূহক অলপ সন্মান দি ঘৰৰ পাকঘৰত স্থান দিওঁ আৰু আমাৰ ভৱিষ্যত প্ৰজন্মকো এইবোৰৰ লগত চিনাকি কৰাই দিওঁ। অন্যথা মেদবহুলতা , হৰমনজনীত সমস্যা বোৰে আমাক বাৰুকৈয়ে জ্বলা কলা খুৱাব । 

স্বাস্থ্য ৰক্ষা সম্পৰ্কীয় এই অতি গুৰুত্বপূৰ্ণ দিশ তথা ৰোগ প্ৰতিৰোধ বোৰ আপোনাৰ বন্ধু, প্ৰিয়জন, পৰিয়াল বৰ্গ সকলোলৈ প্ৰেৰণ কৰি সকলোকে ইয়াৰ সুফলবোৰ লাভ কৰাত আৰু স্বাস্থ্য ৰক্ষা সম্পৰ্কীয় বিষয়ে জনাত সহায় কৰক।

You can also visit : 

• ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

• লিভাৰ চিৰ'চিছ্ মানেনো কি ? ইয়াৰ লক্ষণ, কাৰণ, প্ৰতিৰোধমূলক ব্যৱস্থা

• ২০ টা অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য সম্পৰ্কীয় টিপছ্

• লতাবেল : ১০ টা লতা বেলৰ স্বাস্থ্য উপকাৰী গুণ

• ১৮টা অতি গুৰুত্বপূৰ্ণ বৃক্ক ৰোগৰ প্ৰতিৰোধ কৰাৰ উপায়

• মহিলাৰ মেদবহুলতাৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায়

• এলাৰ্জীৰ লক্ষণ ইয়াৰ জটিলতাসমূহ আৰু প্ৰতিৰোধ

To follow Health Tips Assam you just need to click the below social media links. Thank You. 

• Visit HomePage - Health Tips Assam

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our Instagram Page

Well if you like this article on Ethnic Foods of Assam : Its Role In Health Protection in Assamese | Famous 7 Traditional Dishes Of Assam for Good Health, do comment & show your support by sharing it to the others and if there is any query you are welcome to ask.

Post a Comment

0 Comments