New Updates

6/recent/ticker-posts

Causes and Prevention Of Obesity in Women in Assamese | 16 Ways To Prevent And Control Obesity in Assamese

মহিলাৰ মেদবহুলতাৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায় : মেদবহুলতাৰ ফলত দেখা দিয়া ১২টা বিপজ্জনক উপসর্গ

Obesity is a complex, chronic disease with several causes that lead to excessive body fat and sometimes, poor health. Body fat itself is not a disease, of course. But when your body has too much extra fat, it can change the way it functions. These changes are progressive, can worsen over time, and they can lead to adverse health effects.

The good news is that you can improve your health risks by losing some of your excess body fat. Even small changes in weight can have a big impact on your health. Not every weight loss method works for everyone. Most people have tried to lose weight more than once. And keeping the weight off is just as important as losing it in the first place.

In this article, we have discussed the Causes and Prevention Of Obesity in Women in Assamese. So for that here we have covered 16 Ways To Prevent And Control Obesity in Assamese in a Simple Way. Read the complete article on Obesity in Women and 12 Dangerous Symptoms Of Obesity in Assamese.

Causes and Prevention Of Obesity in Women in Assamese | 16 Ways To Prevent And Control Obesity in Assamese

Causes and Prevention Of Obesity in Women in Assamese | 16 Ways To Prevent And Control Obesity in Assamese

মহিলাৰ মেদবহুলতাৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায় : মেদবহুলতাৰ ফলত দেখা দিয়া ১২টা বিপজ্জনক উপসর্গ

মহিলাৰ মেদবহুলতাৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায়

মহিলাসকলৰ মেদবহুলতাৰ বহুতো কাৰণ আছে। মেদবহুলতাই সুন্দৰ গঠনৰ শৰীৰটোকো দেখিবলৈ আপচু কৰি তোলে। আজিকালি স্কুল আৰু কলেজত পঢ়ি থকা ছোৱালীৰো খোৱা-বোৱাত নিয়ন্ত্ৰণ নথকাৰ ফলত শৰীৰ মেদবহুল হৈ পৰে। পশ্চিমীয়া খাদ্য সংস্কৃতিৰ অন্ধ অনুকৰণে আমাৰ অৱস্থা এনেকুৱা কৰিছে। পাশ্চাত্যৰ ভাল কথাবোৰ শিকিব নালাগে বুলি আমি কোৱা নাই। কিন্তু যদি পশ্চিমৰ সভ্যতাৰ পৰা পিজ্জা, বাৰ্গাৰ আদি খাবলৈহে শিকা হয়, তেনেহ’লে শৰীৰত অবাঞ্চিত চৰ্বি সঞ্চিত হৈ দেখাত আপচু হৈ পৰিবই।

যুৱতীসকলৰ মেদবহুলতা

কিছুমান কন্যা সন্তান বিয়াৰ আগতে ক্ষীণ হৈ থাকে, যদিও বিয়াৰ পিছত শকত হ’বলৈ আৰম্ভ কৰে। ইয়াৰ কাৰণ হ’ল বিয়াৰ পিছত খোৱা-বোৱাৰ ৰীতি-নীতি পৰিৱর্তন হয়। অধিক স্বাধীনতা আৰু চিন্তামুক্ত জীৱনেই ইয়াৰ প্রধান কাৰণ| পিছত সন্তানসম্ভৱা হোৱাৰ লগে লগে খোৱা-বোৱাৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰে। ঘৰৰ অগ্ৰজ সদস্য, প্ৰতিবেশী মহিলা আৰু লগৰীয়াসকলে তেওঁলোকক উপদেশ দিয়ে- এতিয়া তুমি বেছি কাম কৰিব নালাগে আৰু খাদ্য গ্ৰহণৰ পৰিমাণ দুগুণলৈ বৃদ্ধি কৰিব লাগে।” এনেধৰণৰ উপদেশ-পৰামৰ্শ নিতান্তই অদৰকাৰী। সর্বসাধাৰণ মানুহে এই কথা বিশ্বাস কৰে যে, গৰ্ভাৱস্থাত মাতৃ গৰাকীয়ে গৰ্ভস্থ সন্তানটিৰ বাবেও খাদ্য গ্রহণ কৰিব লাগে আৰু নিজৰ শাৰীৰিক শক্তি সন্তান প্ৰসৱৰ সময়লৈ বৰ্ত্তাই ৰাখিব লাগে। এনেধৰণৰ পৰামর্শ শুনি গৰ্ভৱতী মাতৃ এগৰাকীয়ে বিশেষ একো কাম বন নকৰাকৈ কেৱল শুই বহি প্রয়োজনতকৈ বেছি খাদ্য খায়। ফলত মাতৃত্ব লাভৰ আগতেই তেওঁ যথেষ্ট মেদবহুল হৈ পৰে। এই মেদবহুলতা সন্তান জন্মৰ পিছলৈকে অটুট থাকে।

সন্তান প্ৰসৱৰ পিছত হোৱা মেদহবহুলতা

সাধাৰণতে প্ৰসৱৰ পিছত মহিলাসকলৰ ওজন আগৰে নিচিনা হৈ যাব লাগে। কিন্তু

অধিকাংশ মহিলাৰে ওজন বৃদ্ধি পায় আৰু বাকী গোটেই জীৱনটোৱেই মেদবহুলতা লৈয়েই কটাবলগা হয়। সন্তান প্ৰসৱৰ পিছত মেদবহুল হোৱাৰ প্রধান দুটা কাৰণ আছে। অধিকাংশ লোকেই স্বাভাৱিক প্রসৱতকৈ চিজাৰিয়ান পদ্ধতিক অধিক সুৰক্ষিত বুলি ভাবে আৰু স্বাভাৱিক প্ৰসৱৰ সলনি চিজাৰিয়ান কৰোৱায়। চিজাৰিয়ান কৰালে দীঘলীয়াকৈ পৰি থাকিবলগা হয়। ইয়াৰ ফলত শৰীৰৰ পৰিশ্ৰম আৰু অন্য কার্যকলাপো বাধাগ্রস্ত হয়। ইয়াৰ পৰিণতিত পেটৰ লগতে শৰীৰৰ গঠনগত অন্যান বিকৃতিয়ে দেখা দিয়ে। এইখিনি সময়তে মহিলাসকলক অত্যধিক পুষ্টিকৰ খাদ্য খাবলৈ দিয়া হয়। এনেধৰণৰ খাদ্য ভালদৰে হজম নহয় আৰু শৰীৰৰ যিকোনো অংগতে চর্বি জমা হ'বলৈ ধৰে আৰু পিছলৈ আটিল দেহটো মেদবহুল হৈ আপচু হৈ পৰে।

কিছুমান মহিলাই স্বাভাৱিক প্ৰসৱৰ পিছতো মেদবহুল হয়। স্বাভাৱিক প্ৰসৱৰ পিছত তেওঁলোককো বেছিকৈ পুষ্টিকৰ খাদ্য খাবলৈ দিয়াৰ লগতে অধিক চর্বিযুক্ত খাদ্য খাবলৈ দিয়া হয়। মানুহৰ মনত এটা ভুল ধাৰণা আছে যে সন্তান জন্ম দিয়াৰ পিছত মহিলাগৰাকীৰ শৰীৰ বৰ দুৰ্বল হয় আৰু সেয়ে তেওঁলোকক ঘিউ, মাখন আদি থকা খাদ্য খাবলৈ নিদিলে দুর্বল হৈয়ে থাকিব। ইয়াৰ ফলত তেওঁলোকৰ শৰীৰৰ ওজন বৃদ্ধি পায় আৰু মেদবহুলতাত আক্ৰান্ত হয়।

গৰ্ভৱতী মহিলাসকলক অধিক আৰাম কৰিবলৈ দিয়াৰ ফলত সন্তান প্ৰসৱৰ পিছতো তেওঁলোকে বেছিকৈ লৰা-ঢপৰা কৰিবলৈ টান পায়। তাৰ ফলতো শৰীৰত মেদবহুলতাই দেখা দিয়ে। সন্তান জন্ম দিয়াৰ পিছতো নিজৰ শৰীৰটো সক্রিয় কৰি ৰাখিব লাগে, যাতে তেওঁলোকৰ শৰীৰ আগৰ নিচিনাই সক্রিয় আৰু সহজতে নমনীয় হৈ থাকে।

মহিলাসকলে সেৱন কৰা ঔষধবিলাকে হৰমোনৰ পৰিৱৰ্তন ঘটায়। এই হৰমোনৰ পৰিৱৰ্তনো মহিলাসকলৰ মেদবহুলতাৰ এটা মুখ্য কাৰণ। তেওঁলোকে যিকোনো ঔষধ সেৱন কৰাৰ আগতে নিজৰ চিকিৎসকৰ সৈতে ভালদৰে পৰামৰ্শ লোৱা উচিত।

মেনোপজৰ ফলত হোৱা মেদবহুলতা

কিছুমান মহিলাৰ মেন’পজৰ ফলতো ওজন বৃদ্ধি হয়। এই অৱস্থা এই কাৰণেই হয়, সেই সময়ত মহিলাসকলৰ শৰীৰত হৰমোন নি:সৰণ প্ৰক্ৰিয়াৰ পৰিৱৰ্তন ঘটে। এই হৰমোনৰ তাৰতম্যৰ ফলতেই মহিলাসকল শকত হৈ পৰে। এইটো মহিলাসকলৰ শৰীৰত হোৱা এক স্বাভাৱিক পৰিৱৰ্তন। কিছুমান মহিলাই মাহেকীয়া ঋতুস্ৰাৱৰ অনিয়মীয়া দূৰ কৰাৰ অৰ্থেও চিকিৎসকৰ পৰা হৰমোন গ্রহণ কৰে। ইয়াৰ ফলতো শৰীৰৰ ওজন বঢ়াটো স্বাভাৱিক আৰু এনে ধৰণৰ মেদবহুলতা কম কৰাটো ইমান সহজ নহয়।

শৰীৰৰ স্থূলতাৰ ওপৰত চিন্তাৰ প্ৰভাৱ

কিছুমান মহিলাই মনোবৈজ্ঞানিক কাৰণত নিজৰ ওজন বৃদ্ধি কৰে। তেওঁলোকে নিজৰ চিন্তা, আনন্দ, দুখ আদি আন কাৰোৰে সৈতে আদান-প্রদান কৰিব নিবিচাৰে বা কোনেও তেওঁৰ কথা শুনিব নিবিচাৰে। তেওঁলোক সদায়েই চিন্তিত হৈ থাকে আৰু প্রত্যেকৰ লগতে তেওঁলোকৰ ব্যৱহাৰ বেলেগ বেলেগ হয়। তেওঁলোকে নিজকে অকলশৰীয়া, অসহায় আৰু পৰিত্যক্তা বুলি বিবেচনা কৰে। যিকোনো ধৰণৰ পৰিৱর্তন আৰু নঞার্থক চিন্তাই তেওঁলোকৰ মগজুত সদায় ক্রিয়া কৰি থাকে। কোনো বস্তুৰ প্ৰতি তেওঁলোকৰ আগ্রহ নাথাকে। এনে অৱস্থাত সেই মহিলাগৰাকীক যদি ভালদৰে মনোবৈজ্ঞানিক প্ৰক্ৰিয়াৰে বুজোৱা নহয়, তেনেহ’লে তেওঁ অনাৱশ্যক মেদবহুলতাৰ পৰা পৰিত্ৰাণ পাবলৈ নিবিচাৰে।

অনাহক ভয় বা দুশ্চিন্তা দূৰ কৰিবলৈ এই মহিলাসকলে সঘনাই কিবা নহয় কিবা খাই থাকে। তেওঁলোকৰ ধাৰণা যে, এনেদৰে খাই থাকিলে তেওঁলোকৰ একেঘেয়ী চিন্তাবোৰ সলনি হ’ব আৰু কিবাকৈ ভালদৰে সময়বোৰ পাৰ হ’ব। কিন্তু এনে ধৰণৰ ধাৰণাবোৰ ভিত্তিহীন প্রমাণিত হয় আৰু খাই থকাৰ পৰিণতিত এওঁলোকৰ শৰীৰৰ ওজন বৃদ্ধি পাই গৈ থাকে।

মেদবহুলতা আৰু হৰমোনৰ প্ৰভাৱ

আমাৰ শৰীৰৰ এণ্ডোক্ৰাইন গ্রন্থিবিলাক এনেকুৱা অংগ, যিবিলাকে কেবাধৰণৰো হৰমোন নিঃসৰণ কৰি পোনে পোনে আমাৰ শৰীৰৰ ৰক্ত প্রবাহত এৰি দিয়ে। এই হৰমোনবিলাকৰ স্ৰাৱ কম বা বেছি হোৱাৰ ফলতো কেবাধৰণৰ পৰিৱর্তন হয়। এই পৰিৱৰ্তনৰ ফলস্বৰূপে কিছুমান বিকৃতিও উৎপন্ন হ’ব পাৰে। মেদবহুলতাও এই বিকৃতিবিলাকৰে অন্যতম এটা। আমাৰ শৰীৰৰ গ্ৰন্থিবিলাকে কেবা ধৰণৰ অম্লযুক্ত তৰল পদার্থৰ সৃষ্টি কৰে, যিবিলাকক হৰমোন বুলি কোৱা হয়। এই হৰমোনবিলাক আমাৰ শৰীৰত বৈ থকা অম্লযুক্ত তৰল পদার্থ। এইবিলাকে শৰীৰৰ অন্য অংশত থকা অংগবিলাকৰ ওপৰতো প্ৰভাৱ পেলায়। এনেধৰণৰ কেইবিধমান হৰমোনেই শৰীৰৰ মেদবহুলতাৰ বাবেও দায়ী।

যিবিলাক গ্রন্থিৰ পৰা নিঃসৃত হৰমোনে এই কাম কৰে, সেইবিলাক গ্রন্থি হ’ল-পিটুইটেৰি, থাইৰয়ড়, এড্রিনেল, পেনক্রিয়াছ আৰু গোনাড।

আমি বেছিকৈ কিয় খাওঁ ? 

আমাৰ শৰীৰৰ বেলেগ বেলেগ কার্যৰ বাবে বেলেগ বেলেগ গ্রন্থি আছে। এই গ্রস্থিবিলাকৰ ভিতৰত পিটুইটেৰি গ্ৰন্থিক ‘মষ্টাৰ গ্লেণ্ড’ বুলি ধৰা হয়, কাৰণ এই গ্রন্থিটোৱে বাকী সকলো গ্রন্থিৰ ওপৰত নিয়ন্ত্রণ ৰাখে। এই গ্রন্থিটোৱে আমাৰ মস্তিষ্কত থকা হাইপোথেলামাছৰ লগত সংযুক্ত হৈ আছে। হাইপোছেলামাছ আমাৰ মস্তিস্কৰ অসংখ্য নিউৰণৰ সমষ্টি আৰু ই আমাৰ ভোক নিয়ন্ত্ৰণৰ কেন্দ্ৰ। ইয়াৰ সামান্য ইফাল-সিফাল হ’লেই আমাৰ ভোক লগাৰ অনুভূতিৰ জন্ম হয়। এই হাইপোথেলামাছ কেন্দ্ৰত অলপ ত্রুটি হ’লে ই ভোক লগাৰ ভুল সংকেত দিব। ইয়াৰ ফলত আমাৰ অধিক খাদ্য খাবলৈ মন যায় আৰু তাৰ ফলত মেদবহুলতাৰ চিকাৰ হওঁ|

পিটুইটেৰি গ্ৰন্থিৰ দ্বাৰা যদি কম পৰিমাণৰ হৰমোন নিঃসৰণ হয়, তেনেহ’লেও আমাৰ শৰীৰত মেদবহুলতাই দেখা দিয়ে। ইয়াৰ ফলত কোনো ব্যক্তিৰ মেদবহুলতা হয়, শিশুসকলৰ উচ্চতা বৃদ্ধিৰ প্রক্রিয়া তৎকালীনভাৱে বন্ধ হৈ পৰে। এনে বিসংগতি হোৱাৰ ফলত ছোৱালীবিলাকৰ শ্ৰীবৃদ্ধি স্তব্ধ হৈ যায় আৰু চুটি-চাপৰ হৈয়েই থাকে। ইয়াৰ লগতে তেওঁলোকৰ মাহেকীয়াও দীর্ঘ সময়ৰ কাৰণে বন্ধ হৈ থাকিব পাৰে। ইয়াৰ বিপৰীতে হৰমোনৰ নিঃসৰণ অধিক হ’লে, ছোৱালীগৰাকীৰ উচ্চতা অধিক বাঢ়ি যায়। এই সমস্যাক ‘জাইগেণ্টিজিম’ বুলি কোৱা হয়।

মেদবহুলতাৰ বাবে অন্য এটা গ্ৰন্থিও দায়ী হ’ব পাৰে। সেইটো হৈছে ‘থাইৰয়ড গ্ৰন্থি’। এই গ্ৰন্থিটো আমাৰ ডিঙিত অৱস্থিত। এই গ্ৰন্থিৰ পৰা নি:সৰিত হৰমোন যদি কেতিয়াবা কম হয়, তেনেহ’লে শৰীৰৰ কোষৰ বিভাজন আৰম্ভ হৈ যায়। এনেদৰে কোষৰ সংখ্যা বৃদ্ধিৰ ফলত মেদবহুলতাৰ জন্ম হয়।

মেদবহুলতাৰ বাবে দায়ী তৃতীয়টো গ্ৰন্থি হ’ল- এড্ৰিনেল গ্লেণ্ড। এই গ্ৰন্থি সংখ্যাত দুটা আৰু দুয়োটাই আমাৰ লিভাৰৰ ঠিক ওপৰত অৰ্থাৎ পেটত থাকে। এই গ্ৰন্থিৰ দ্বাৰা নি:সৰিত হৰমোনে আমাৰ খং, ভয় আদি অনুভূতিবিলাক নিয়ন্ত্ৰণ কৰে। প্ৰয়োজনতকৈ অধিক হৰমোনৰ নি:সৰণে Gushing Syndrome নামৰ এক বিকৃতিৰ জন্ম দিয়ে।

কেতিয়াবা ডিম্বাশয়ৰ পৰা নি:সৰিত যৌন হৰমোনৰ পৰিমাণ মেন’পজৰ সময়ত কম হ’লেও মেদবহুলতাৰ সৃষ্টি হ’ব পাৰে।

বেয়া খাদ্যাভ্যাস আৰু মেদবহুলতা

বেয়া খাদ্যাভ্যাস, কেবা প্ৰকাৰৰো হ’ব পাৰে। প্রায় সকলোৱে জনা-নজনাকৈ বহুতো বেয়া অভ্যাসৰ চিকাৰ হয়। বহু লোক ধপাত, মদ, ড্রাগছ, যেনে— আফিং, কোকেইন, হিৰোইন, ব্ৰাউন ছুগাৰ আদি সেৱনৰ কুঅভ্যাস থাকে। তেনেদৰে খাদ্য খোৱাৰো কুঅভ্যাস বহুতৰে থাকে।

অত্যধিক খাদ্য খোৱাৰ অভ্যাসটোও ক্ষতিকাৰক। কাৰণ ইয়াৰ ফলত মেদবহুলতা হ’ব পাৰে। অত্যধিক খাদ্য খোৱাৰ অভ্যাস যুৱাবস্থাতে গঢ়ি উঠে আৰু সেই বয়সতে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। কিন্তু সময় যোৱাৰ লগে লগে তেওঁ এই কার্যত অভ্যস্ত হৈ পৰে। এনেধৰণৰ লোকে সাধাৰণতে এবিধ খাদ্য খাই থাকিবলৈ ভাল পায় আৰু এই খাদ্য প্রয়োজনতকৈ অধিক মাত্ৰাত খায়।

অধিক খাদ্য খাবলৈ মন যোৱা এই কুঅভ্যাসৰ মূখ্য কাৰণ হ’ল-এণ্ডোক্ৰাইন গ্ৰন্থিৰ অনিয়মিত কাম। ঘৰত প্ৰয়োজনতকৈ অধিক মাত্ৰাত সেইবিধ সামগ্ৰী মজুত ৰখাটোৱেও এই অভ্যাসৰ নিয়ন্ত্ৰণ অসম্ভৱ কৰি তোলে।

কিছুমান ঔষধত পাৰা আৰু আৰ্চেনিক থাকে। এইবিলাক দ্ৰব্য কিছুমান বেমাৰৰ বাবে দিয়া হয়। কিন্তু সেই ঔষধসমূহ একেৰাহে খাই থাকিলে, মেদবহুলতাৰ লগতে অন্য বহুতো ৰোগৰ সৃষ্টি কৰিব পাৰে। সেয়ে আমি একেধৰণৰ ঔষধ সেৱনৰ পৰা পৰাপক্ষত আঁতৰি থকাই ভাল।

লিখক: ডা: হৃষীকেশ কাশ্যপ

মেদবহুলতা সমস্যাৰ পৰা হাত সাৰিবলৈ- 

• ৰাতিপুৱা ব্ৰহ্মপুৱা শোৱাপাটি এৰিব । 

• দৈনিক যোগ আসন কৰিব ।

• দিনৰ সময়ত শোৱাৰ অভ্যাস নকৰিব । 

• Fast Food খোৱাৰ পৰা দুৰত থাকিব ।

• শীতল পনীয়া পানী খোৱাৰ পৰা দুৰত থাকিব ।

• অত্যাধিক শীতল খাদ্য খোৱাৰ পৰা দুৰত থাকিব । 

• ফ্ৰিজত ৰখা খাদ্য খোৱাৰ পৰা দুৰত থাকিব । 

• অধিক মাত্ৰাৰ মিঠা আৰু চৰ্বী যুক্ত খাদ্য কম পৰিমাণে খাব । 

• ৰাতি খাদ্য খোৱাৰ পাছত ৩০ পৰ ৪৫ মিনিট সময় পিছত হে শোৱাপাটিলৈ যাব । 

মেদবহুলতাৰ ফলত দেখা দিয়া বিপজ্জনক উপসর্গ হ'ল :

(১) হৃদৰোগ আৰু ষ্ট্ৰ’কঃ মেদবহুলতাৰ ফলত শৰীৰত ট্রাই গ্লিচাৰ'ইডৰ পৰিমাণ বৃদ্ধি পাই ভাল কলেষ্টৰ'ল বাHDL (High Density Liporotein)ৰ পৰিমাণ কমি যাব৷ ফলত হৃদৰোগ বা ষ্ট্ৰ'ক আদি হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

২। মধুমেহ বা ডায়েবেটিছঃ মেদবহুলতাৰ ফলত অগ্ন্যাশয়ৰ অন্তঃস্ৰাৱী গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা ইনচুলিনৰ পৰিমাণ শৰীৰত কমি গৈ তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি গৈ মধুমেহ বা ডায়েবেটিছৰ সমস্যাই দেখা দিব পাৰে।

৩। স্তন, জৰায়ু, ডিম্বাশয়, পিত্তথলী, খাদ্যনলী, যকৃত, অগ্ন্যাশয়, অস্ত্র, শৌচদ্বাৰ, প্ৰষ্টেট আদিৰ কৰ্কট হোৱাৰ আশংকা বৃদ্ধি পায়।

৪) মহিলাৰ ক্ষেত্ৰত অনিয়মীয়া মাহেকীয়া আৰু বন্ধ্যাত্ব হ'ব পাৰে।

৫) পুৰুষ আৰু মহিলা উভয়ৰে নানা ধৰ যৌন সমস্যাই দেখা দিব পাৰে।

৬) শ্লীপ এপনিয়াঃ মেদবহুলতাৰ ফলত টোপনিৰ সময়ত উশাহ-নিশাহ লোৱাত অসুবিধা আৰু লাহে লাহে শ্বাস-প্রশ্বাস বন্ধ হৈ যোৱাৰ দৰে গম্ভীৰ সমস্যা হ'ব পাৰে।

৭) ফেটি লিভাৰ অৰ্থাৎ লিভাৰত চর্বি জমা হোৱাৰ সমস্যা প্রায় সকলোৰে হোৱা দেখা যায়। অনিয়ন্ত্রিত ফেটি লিভাৰে পিছলৈ লিভাৰ চিৰ'ছিছৰ ৰূপ ল'ব পাৰে। ৮) অষ্টি' আৰ্থাৰাইটিছ বা অন্যান্য গাঁঠিৰ বিষত ভুগিব পাৰে।

৯) মেদবহুলতাত ভোগা লোকৰ জীৱনৰ গুণগত মানো কমি যায়। নিজৰ শৰীৰটোক লৈ কোনো কোনো মেদবহুল লোক হতাশাগ্রস্ত হোৱা দেখা যায়।

১০) ওজন বৃদ্ধিৰ ফলত মেদবহুল লোকসকলৰ কৰ্মদক্ষতা, যৌনক্ষমতা, উৎসাহ-উদ্দীপনা কমি যাব পাৰে।

১১) মেদবহুল লোকসকলৰ গড় আয়ুস সাধাৰণ লোকতকৈ কম হোৱা দেখা যায়।

১২) মেদবহুল লোকসকল বিভিন্ন শল্য চিকিৎসাৰ বাবে অনুপযুক্ত বিবেচিত হ'ব পাৰে আৰু

এনে লোকৰ প্ৰায়েই হাপানীকে ধৰি শ্বাস-প্রশ্বাসজনিত ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। 

মেদবহুলতাৰ প্ৰতিকাৰ আৰু নিয়ন্ত্ৰণৰ উপায় :

১। মেদবহুলতা নিয়ন্ত্ৰণৰ প্ৰথম আৰু প্ৰধান চৰ্ত হ'ল খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব প্ৰদান কৰা, কম কেলৰিযুক্ত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে।

২। খাদ্য তালিকাত প্ৰচুৰ পৰিমাণে শাক-পাচলি, ফল-মূল আঁহযুক্ত খাদ্য শস্যাদি থকা উচিত। ৩। সম্পৃক্ত চর্বিযুক্ত খাদ্য, মিঠাই, ফাষ্টফুড, জংক ফুড, ময়দাৰে নিৰ্মিত খাদ্যাদি কমাই আৰু মদ্যপানৰ অভ্যাস আদি পৰিহাৰ কৰা উচিত।

৪। খাদ্যৰ পৰিমাণ কমাই দিনটোত খাদ্য ঘনকৈ গ্ৰহণ কৰা উচিত।

৫। খাদ্য খোৱা বাচন বা কাঁহী আকাৰত সৰু হ'ব লাগে যাতে কম পৰিমাণৰ খাদ্য ল'লেই কাঁহীখন খাদ্য দ্রব্যৰে পৰিপূৰ্ণ হৈ পৰে।

৬। খাদ্য ভালকৈ চোবাই খাব লাগে। প্ৰতিগৰাহ ভাত উপভোগ কৰি খাব লাগে। খাদ্যবস্তু খাওঁতে সময় ল'ব লাগে। দৌৰা দৌৰিকৈ কম সময় লৈ খাদ্য খালে মগজুৰ ছেটিয়েটি চেণ্টাৰটো সন্তুষ্ট হ'বলৈ নাপায়। যাৰ ফলত প্ৰয়োজনতকৈ অধিক খাদ্য খোৱা যায়।

৭৷ সকলো মানুহৰ শৰীৰৰ ওজন একে নহয়। সাধাৰণতে এজন মানুহে এদিনতে তেওঁৰ শৰীৰৰ আদর্শ ওজনৰ ২৫ গুণ কেলৰি খাব লাগে। কিন্তু মেদবহুল লোক এজনে তেওঁৰ মেদবহুলতা নিয়ন্ত্ৰণৰ কাৰণে প্ৰতিদিনে তেওঁৰ শৰীৰৰ ওজনৰ ২০ গুণ কেলৰিহে খাব লাগে। ৮। খাদ্যত যথেষ্ট পৰিমাণে প্ৰটিন থকা দৰকাৰ। সাধাৰণতে ১ গ্রাম প্রটিন প্রতি কিলোগ্রাম শৰীৰৰ ওজনৰ কাৰণে খাব লাগে।

৯। চৰ্বিৰ পৰা পোৱা শক্তিৰ পৰিমাণ মুঠ শক্তিৰ ২০ শতাংশতকৈ বেছি হ'ব নালাগে।

১০। নিয়মিতভাৱে শাৰীৰিক ব্যায়াম কৰি মেদবিহীন স্বাস্থ্যৱান শৰীৰ এটি পাব পাৰি৷ প্ৰতিদিনে নিয়মিতভাৱে অতিকমেও আধাঘণ্টা শাৰীৰিক ব্যায়াম যেনে- বেগাই খোজকঢ়া, সাঁতোৰা আদিৰ লগতে যোগাসন আদি কৰাৰ অভ্যাস গঢ়ি তুলিলে মেদবহুলতাৰ পৰা অতি সহজে ৰক্ষা পাব পাৰি।

১১। যোগাভ্যাসৰ পিছত গৰম পানীৰে গা ধুব লাগে।

১২। অলসতা বাদ দি নিজকে সক্ৰিয় কৰি ৰাখিলে, হাঁহি-ধেমালি কৰি থাকিলে, পুৱা-গধূলি ধ্যান চর্চা কৰি উদ্বেগৰ পৰা আঁতৰত থাকিলে আৰু নিজকে কিবা নহয় কিবা কামত ব্যস্ত ৰখাৰ অভ্যাস গঢ়ি তুলিব পাৰিলে মেদবহুলতা দূৰতে বিদূৰ কৰিব পাৰি।

১৩। পুৱা ২০০ মিলি গৰম পানীত এক চামুচ মৌ আৰু ১ মিলি নেমু ৰস মিহলাই খাব লাগে। ১৪। নিয়মিত ৬-৮ ঘণ্টা শুব লাগে। নিদ্রাহীনতা আৰু অতিনিদ্ৰা দুয়োটাই স্বাস্থ্যৰ ক্ষতিকাৰক। ১৫। ৰাতিৰ খাদ্য খোৱাৰ পিছত অলপ সময় খোজ কাঢ়িব লাগে।

১৬। দৈনিক সূর্য নমস্কাৰ, পাদহস্তাসন, অর্ধচক্রানুসন, ভুজংগাসন, হালাসন, ধনুৰাসন, ত্রিকোণাসন, কপালভাটি আদি কৰিব পাৰিলে সহজে সুফল পাব পাৰি।

মহিলাৰ মেদবহুলতাৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায় সম্পৰ্কে আলোচিত বিষয়টি আপোনাৰ বন্ধু, প্ৰিয়জন, পৰিয়াল বৰ্গ সকলোলৈ প্ৰেৰণ কৰি সকলোকে ইয়াৰ সুফলবোৰ লাভ কৰাত সহায় কৰক।

You can also visit : 

• ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

• লিভাৰ চিৰ'চিছ্ মানেনো কি ? ইয়াৰ লক্ষণ, কাৰণ, প্ৰতিৰোধমূলক ব্যৱস্থা

• ২০ টা অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য সম্পৰ্কীয় টিপছ্

• লতাবেল : ১০ টা লতা বেলৰ স্বাস্থ্য উপকাৰী গুণ

• স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত থলুৱা ব্যঞ্জন

• ১৮টা অতি গুৰুত্বপূৰ্ণ বৃক্ক ৰোগৰ প্ৰতিৰোধ কৰাৰ উপায়

• এলাৰ্জীৰ লক্ষণ ইয়াৰ জটিলতাসমূহ আৰু প্ৰতিৰোধ

To follow Health Tips Assam you just need to click the below social media links. Thank You. 

• Visit HomePage - Health Tips Assam

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our Instagram Page

Well if you like this article on Causes and Prevention Of Obesity in Women in Assamese | 16 Ways To Prevent And Control Obesity in Assamese, do comment & show your support by sharing it to the others and if there is any query you are welcome to ask.

Post a Comment

0 Comments