New Updates

6/recent/ticker-posts

What To Know About Fatty Liver Disease : Symptoms, Types, Causes And Treatment In Assamese

ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease) : প্ৰকাৰ, কাৰণ, লক্ষণ, আৰু চিকিৎসা

Fatty liver is also known as hepatic steatosis. It happens when fat builds up in the liver. Having small amounts of fat in your liver is normal, but too much can become a health problem.

In this article, we have provided the detail about Fatty Liver Disease in Assamese. So for that here we have covered all the necessary detail about Fatty Liver Disease. It's Symptoms, Types, Causes And Treatment everything in Assamese.

Fatty Liver Disease : Symptoms, Types, Causes And Treatment In Assamese

What To Know About Fatty Liver Disease : Symptoms, Types, Causes And Treatment In Assamese

ফেটি লিভাৰ ডিজিজ্ : প্ৰকাৰ, কাৰণ, লক্ষণ, আৰু চিকিৎসা

লিভাৰ বা যকৃত হ'ল আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। ই আমাৰ শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পাদন কৰে, তাৰ ভিতৰত উল্লেখযোগ্য হ'ল আমি খোৱা খাদ্যৰ পৰা পোৱা চৰ্বী, কাৰ্বহাইড্ৰেট, প্ৰটিন, খনিজ লবণ আদিৰ বিপাক ক্ৰিয়া সম্পাদন কৰা। ইয়াৰ উপৰিও আমাৰ শৰীৰত উৎপন্ন হোৱা বিভিন্ন ধৰণৰ বিষতুল্য ৰাসায়নিক পদাৰ্থবিলাকক বিশুদ্ধীকৰণ কৰে, আমি সেৱন কৰা বিভিন্ন বেমাৰৰ ঔষধবিলাকো লিভাৰতে বিপাকীত হয়, লগতে ই পিত্ত বা Bile উৎপন্ন কৰে যিয়ে আমি খোৱা চৰ্বীজাতীয় খাদ্যবস্তুবিলাক পাচন প্ৰক্ৰিয়াত সহায় কৰে।

ফেটি লিভাৰ ডিজিজ্ এনেকুৱা এটা অৱস্থা যত লিভাৰত চৰ্বী জমা হয়। যেতিয়া লিভাৰৰ ওজনতকৈ ৫-১০ শতাংশ অধিক চৰ্বী জমা হয় ইয়াৰ ফলত আমাৰ সম্পূৰ্ণ শৰীৰৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে আৰু লিভাৰৰ কোষবিলাক ধ্বংস হবলৈ ধৰে।

ফেটি লিভাৰ ডিজিজ্ মূখ্যতঃ দুই প্ৰকাৰৰ -

১/এলকহলিক লিভাৰ ডিজিজ্ আৰু

২/নন-এলকহ'লিক লিভাৰ ডিজিজ্

এলকহলিক লিভাৰ ডিজিজ্ এলকহল বা মদ্য সেৱনৰ অভ্যাসৰ ফলত হয় আৰু নন-এলকহলিক লিভাৰ ডিজিজৰ মূল কাৰণ হ'ল অস্বাস্থ্যকৰ আহাৰ সেৱনৰ অভ্যাস, অত্যধিক চৰ্বীজাতীয়, ভজা-পোৰা, অত্যধিক শৰ্কৰাজাতীয় খাদ্য সেৱনৰ অভ্যাস, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ ইত্যাদি।

কেতিয়াবা গৰ্ভাৱস্থাৰ বাবেও ফেটি লিভাৰ ডিজিজ্ হব পাৰে। বহুদিন চিকিৎসা নকৰাকৈ থকা ফেটি লিভাৰ ডিজিজ্ অৱশেষত গৈ হেপাটাইটিছ বা লিভাৰ চিৰ'চিচৰও সৃষ্টি কৰিব পাৰে।

ফেটি লিভাৰ ডিজিজৰ কাৰণসমূহ:-

মেদবহুলতা, অস্বাস্থ্যসন্মত খাদ্য, দৈনিক মদ্যপানৰ অভ্যাসে ফেটি লিভাৰ ডিজিজ্ হোৱাৰ আশংকা বৃদ্ধি কৰে। অন্য কিছুমান সমস্যা যেনে - ডায়েবেটিজ, প্ৰাক ডায়েবেটিজ, তেজত উচ্চ মাত্ৰাৰ কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, উচ্চ ৰক্তচাপ, ভাইৰাছ জনিত হেপাটাইটিছ ইত্যাদিয়েও এই সমস্যাটো হোৱাত উদগনি যোগায়। কিছুমানৰ ক্ষেত্ৰত ই বংশগত হয়।

পুষ্টিহীনতা আৰু অতি কম সময়ৰ ভিতৰতে শৰীৰৰ অত্যধিক ওজন হ্ৰাস ইত্যাদিও এই সমস্যাৰ কাৰক হিচাপে দেখা দিব পাৰে। মধ্যবয়সীয়া আৰু অধিক ওজনযুক্ত লোক যাৰ ওপৰোক্ত সমস্যাবোৰৰ অতি কমেও এটা সমস্যা থাকে তেনে মানুহ এই সমস্যাটোৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা অতি বেছি থাকে।

সাম্প্ৰতিক গৱেষণাই আৰু এটা কথা উনুকিয়াই দিছে যে ক্ষুদ্ৰান্ত্ৰত হোৱা অত্যধিক বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰাও এই সমস্যাটোৰ সৃষ্টি হব পাৰে।

ফেটি লিভাৰ ডিজিজৰ লক্ষণ :-

প্ৰথম অৱস্থাত সাধাৰণতে এই সমস্যাটোৰ কোনো চকুত পৰা ধৰণৰ লক্ষণেই দেখা পোৱা নাযায়। সচৰাচৰ দেখা দিয়া লক্ষণবিলাক হ'ল পেটৰ মাজভাগত বা ওপৰ পেটৰ সোঁফালে বিষ হব পাৰে, ভাগৰ ভাগৰ লাগিব পাৰে, শৰীৰ দুৰ্বলতা, ওজন হ্ৰাস, ভোক নলগা, লিভাৰ ফুলি যোৱা, ডিঙি আৰু কাষলতিৰ তলৰ ছাল ডাঠ ক'লা ৰঙৰ হৈ যোৱা। সাধাৰণতে দৈনন্দিন স্বাস্থ্য পৰীক্ষাৰ সময়তহে এই অৱস্থাতো ধৰা পৰে। লগতে বমি বমি ভাব, কোনো কামত মন নবহা, ভ্ৰম ইত্যাদিও হব পাৰে।

বেমাৰ কেনেকৈ নিৰ্ণয় কৰা হয়?

আৰম্ভণিতে ফেটি লিভাৰ ডিজিজ্ তেজৰ লিভাৰ ফাংচন টেষ্টৰ(Liver function test) দ্বাৰা নিৰ্ণয় কৰা হয়। আল্ট্ৰাচনগ্ৰাফী আৰু চি টি স্কেনৰ দ্বাৰা এই নিৰ্ণয় আৰু গাঢ় হয়। কেতিয়াবা লিভাৰৰ বায়'প্চিও কৰিব লগীয়া হব পাৰে।

আয়ুৰ্বেদৰ সহায়ত ফেটি লিভাৰ ডিজিজৰ চিকিৎসা :-

আয়ুৰ্বেদত লিভাৰক যকৃত হিচাপে জনা যায়। যকৃতৰ কাৰ্য্য পিত্ত দোষৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। সেয়েহে লিভাৰৰ কোনো সমস্যাৰ সৃষ্টি হ'লে পিত্ত বিকাৰজনিত লক্ষণ যেনে- এলাৰ্জী, ছালৰ ৰোগ, উচ্চ কলেষ্টেৰল, ভাগৰুৱা, পাচন প্ৰক্ৰিয়াৰ সমস্যা ইত্যাদি লক্ষণ দেখা দিয়ে। যদি লিভাৰৰ এই সমস্যা বহু দিনলৈ চিকিৎসা নকৰাকৈ ৰখা হয় তেনেহলে গম্ভীৰ স্বাস্থ্য সমস্যা যেনে - হেপাটাইটিছ, চিৰ'চিচ্, জণ্ডিচ আৰু শেষত কৰ্কট ৰোগ পৰ্যন্ত হব পাৰে।

যদিও ফেটি লিভাৰ ডিজিজ্ আৰোগ্য কৰাৰ বাবে কোনো চমৎকাৰী ঔষধ নাই তথাপিও প্ৰকৃতিৰ বুকুত বহুতো এনেকুৱা ঔষধি গুণেৰে ভৰপূৰ গছ লতা আছে যাৰ দ্বাৰা লিভাৰক বিশুদ্ধীকৰণ কৰি ইয়াক সুস্থ কৰি ৰাখিব পৰা যায়।

যিহেতু লিভাৰ হ'ল আমাৰ শৰীৰক বিশুদ্ধীকৰণ কাৰী অংগ আৰু লগতে আমাৰ পাচন প্ৰক্ৰিয়া থিকে ৰখাৰ বাবে, খাদ্যৰ পৰা পোষকতত্ব বিলাক তেজলৈ শোষণ কৰিবলৈ, শৰীৰক সংক্ৰমণৰ পৰা বচাই ৰাখিবলৈ আমাক এটা সুস্থ সবল লিভাৰৰ দৰকাৰ হয়।

আয়ুৰ্বেদত লিভাৰটোক বিশুদ্ধীকৰণ কৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন ঔষধী গুণযুক্ত গছ লতাৰ বৰ্ণনা আছে।

তাৰ ভিতৰত উল্লেখযোগ্য হ'ল - - - - -

১/ক্ষিৰীবৃক্ষ - (Milk thistle) - ইয়াৰ বীজে যকৃত বিশুদ্ধীকৰণ কৰাৰ লগতে বিষাক্ত ৰাসায়নিক দ্ৰব্যৰ পৰা হোৱা যকৃতৰ ক্ষয় ক্ষতি প্ৰতিৰোধ কৰে। লিভাৰ টনিক বনাবলৈ ব্যৱহাৰ হোৱা চিলিমাৰিন নামৰ পদাৰ্থবিধ ইয়াৰ পৰাই উৎপাদন কৰা হয়।

২/আঙুৰ - যকৃতৰ বিশুদ্ধীকৰণ কৰাৰ লগতে ই ফেটি লিভাৰ ডিজিজৰ ফলত হোৱা যকৃতৰ জড়তা কমাত সহায় কৰে।

৩/কালমেঘ- সকলোৰে পৰিচিত কালমেঘেও যকৃতৰ বিশুদ্ধীকৰণ কৰাৰ উপৰিও ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই যকৃতক অধিক সুৰক্ষা প্ৰদান কৰে। লগতে ই গলব্লাডাৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে।

৪/হিম্স্ৰা - যকৃতৰ কোষবিলাকলৈ নতুন চেতনা প্ৰদান কৰে, ফলত যকৃতৰ কাৰ্য্যক্ষমতা বৃদ্ধি পায় আৰু ইয়াক সুস্থ কৰি ৰাখে।

৫/কাসনী- ই পিত্তৰ(bile) উৎপাদন বৃদ্ধি কৰি পাচন প্ৰক্ৰিয়াত সহায় কৰে।

৬/কাকমাসী - এই গছৰ নিৰ্যাস স্বাভাৱিকতে বিষাক্ততা নাশক হয় বিশেষকৈ ৰাসায়নিক পদাৰ্থৰ পৰা হোৱা বিষাক্ততা।

৭/অৰ্জুন- ই যকৃতৰ কোষবিলাকক বিষাক্ত পদাৰ্থৰ বিৰুদ্ধে যুঁজিবলৈ চালিকাশক্তি প্ৰদান কৰে আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে।

ইয়াৰ উপৰিও বহুতো আয়ুৰ্বেদীয় শাস্ত্ৰীয় আৰু পেটেন্ট ঔষধ বজাৰত উপলব্ধ হয় যাক ফেটি লিভাৰ ডিজিজত ব্যৱহাৰ কৰিব পৰা যায়।

স্বাভাৱিক ভাবে ফেটি লিভাৰ হোৱাত বাধা দিব পৰা উপায় --

* অত্যধিক আৰু দৈনিক মদ্যপান পৰিহাৰ কৰিব লাগে।

* দৰকাৰ নোহোৱাকৈ চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধৰ সেৱন কৰিব নালাগে ।

* কম কেলৰিযুক্ত সুষম আহাৰ যি ভিটামিন আৰু খনিজ লৱণ সমৃদ্ধ হয় গ্ৰহণ কৰিব লাগে।

* শৰীৰক বিশুদ্ধীকৃত কৰিব পৰা ফলমূল যেনে - তৰমুজ, আম, নাচপতি, জাম ইত্যাদিৰ সেৱন বেছিকৈ কৰিব লাগে।

* ৰিফাইনযুক্ত কাৰ্বহাইড্ৰেটৰ সেৱন বন্ধ কৰিব লাগে।

যেনে - ময়দাৰ দ্বাৰা বনোৱা খাদ্য পাউৰুটি, কেক, পেষ্টি, চাউমিন, নুডুলচ্ ইত্যাদি), মছলাযুক্ত খাদ্য, চৰ্বীজাতীয় খাদ্য, শীতল পানীয় ইত্যাদি।

* দৈনিক শাৰিৰীক পৰিশ্ৰম আৰু ব্যায়ামৰ অভ্যাস কৰিব লাগে।

* দেহৰ ওজন হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ডা. মুকুল শৰ্মা, বঙাইগাঁৱ

যোগাযোগ নং -- 9508026825

The cause of fatty liver disease is unknown, but certain health conditions may contribute to its development.

Treatment is not straightforward, but a person can help or prevent fatty liver disease by maintaining a moderate weight, taking regular exercise, and not using alcohol to excess.

If a person experiences any symptoms of fatty liver disease, they should see a doctor as soon as possible.

You may also visit : 

• লিভাৰ চিৰ'চিছ্ মানেনো কি ? ইয়াৰ লক্ষণ, কাৰণ, প্ৰতিৰোধমূলক ব্যৱস্থা

• ২০ টা অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য সম্পৰ্কীয় টিপছ্

• লতাবেল : ১০ টা লতা বেলৰ স্বাস্থ্য উপকাৰী গুণ

• স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত থলুৱা ব্যঞ্জন

• ১৮টা অতি গুৰুত্বপূৰ্ণ বৃক্ক ৰোগৰ প্ৰতিৰোধ কৰাৰ উপায়

• মহিলাৰ মেদবহুলতাৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায়

• এলাৰ্জীৰ লক্ষণ ইয়াৰ জটিলতাসমূহ আৰু প্ৰতিৰোধ

To follow Health Tips Assam you just need to click the below social media links. Thank You. 

• Visit HomePage - Health Tips Assam

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our Instagram Page

Well if you like this article on What To Know About Fatty Liver Disease : Symptoms, Types, Causes And Treatment In Assamese, do comment & show your support by sharing it to the others and if there is any query you are welcome to ask.

Post a Comment

0 Comments