New Updates

6/recent/ticker-posts

10 Astonishing Benefits of Passion Fruit in Assamese : Facts, Health Nutrition and How to Eat Passion Fruit

লতাবেল : ১০ টা লতা বেলৰ স্বাস্থ্য উপকাৰী গুণ : ইয়াৰ বৈজ্ঞানিক নাম, ব্যৱহাৰ, গুণাগুণ, ক'ত পোৱা যায় আৰু কেনেদৰে সেৱন কৰিব পাৰি

- ডা০ ভূপেন শইকীয়া

Passion fruit got its name from South American Catholic evangelists, who trusted that passion bloom was an indication of the enthusiasm of Christ.

Passion fruit, otherwise called purple granadilla, is shaped like an egg with wrinkled skin and green mash-like substance. This fruit is generally grown in tropical and sub-tropical nations. Because of its particular fragrance and sweet taste, it is principally used for juices.

With numerous benefits and an amazing taste, you would love passion fruit juice. A perfect summer drink, it tastes better when served cold, so make sure you pour the juice in an insulated tumbler and enjoy.

In this article, we have provided 10 Astonishing Benefits of Passion Fruit in Assamese. So for that here we have covered all the necessary detail of the Facts, Health Nutrition and How to Eat Passion Fruit. So read the complete article on 10 Incredible Health Benefits Of Passion Fruit in Assamese.

10 Astonishing Benefits of Passion Fruit in Assamese : Facts, Health Nutrition and How to Eat Passion Fruit

10 Astonishing Benefits of Passion Fruit in Assamese : Facts, Health Nutrition and How to Eat Passion Fruit

লতাবেল : ১০ টা লতা বেলৰ স্বাস্থ্য উপকাৰী গুণ : ইয়াৰ বৈজ্ঞানিক নাম, ব্যৱহাৰ, গুণাগুণ, ক'ত পোৱা যায় আৰু কেনেদৰে সেৱন কৰিব পাৰি

লতা বেলৰ আদিভূমি দক্ষিণ আনেৰিকা। এইবিধ ফল উদ্ভিদজগতৰ Passifloracea গোত্রৰ Passiflora জাতিৰ অন্তর্ভুক্ত। পৃথিৱীত এইবিধৰ প্রায় ৫০০টা প্রজাতি আছে। তাৰে P.edulis Sims প্রজাতিৰ ফলবিধক ইংৰাজীত Passion fruit বুলি কোৱা হয়। এইবিধৰ আকৌ দুটা প্রকাৰ আছে। প্রথম অৱস্থাত দুয়োবিধ দেখাত একে যদিও পুৰঠ হ’লে এবিধ হালধীয়া আৰু আনবিধ বেঙুনীয়া বৰণৰ হয়। লতা বেলক স্পেইন আৰু ফ্রান্সত Granadilla হাভানাত Lilikoi, থাইলেণ্ডত Linmangkon বুলি কয়। ব্রাজিল,ভেনেজুৱেলা আদি দেশবোৰে বহু বছৰৰ আগৰেপৰা লতা বেলৰ খেতি কৱাৱ উপৰিও ইয়াৰ ৰস ব্যৱসায়িকভিত্তিত প্রস্তুত কৰি আছে। সুস্বাদু ৰসৰ বাবে ফলবিধ পৃথিৱীৰ আন অঞ্চলবোৰতো জনপ্রিয় আৰু বহুতো দেশে ব্যৱসায়িকভিত্তিত লতা বেলৰ বাগিচা পাতিবলৈ লৈছে।

অসমত লতা বেল :

          বিশেষকৈ অসমৰ বহুলোকৰ বাৰীত লতা বেল উপলব্ধ ৷ অসমত লতা বেল প্রাকৃতিকভাৱে হোৱালৈ লক্ষ্য কৰি ক’ব পাৰি যে আমাৰ ৰাজ্যৰ মাটি আৰু জলবায়ু এইবিধ ফলৰ বাবে উওযোগী। এই লেখাটো যুগুতাই থাকোঁতে বহুতক ফলবিধৰ বিষয়ে সুধিছিলো। ইতিমধ্যে জানিব পাৰিছোঁ যে এতিয়াও বিভিন্নজনৰ বাৰীত ফলবিধ আছে; আন বহুবিধ ফলৰ দৰে বিলুপ্ত হৈ যোৱা নাই। ব্যৱহাৰ আৰু গুণাগুণৰ বিষয়ে নজনাৰ বাবেহে আমাৰ মাজৰপৰা ফলবিধ লাহে লাহে হেৰাই যাবলৈ ধৰিছে। যোৰহাট, মৰাণ, তিলৈ নগৰ, তিনিচুকীয়া, মাকুম আদি ঠাইত কুৰিজনমানৰ বাৰীত লতা বেল থকাৰ কথা গম পাইছোঁ। হালধীয়া আৰু বেঙুনীয়া দুয়োবিধেই আছে। গতিকে উপযুক্ত ব্যৱস্থা গ্রহণ কৰি ফলবিধ সংৰক্ষণ কৰাৰ লগতে প্রসাৰ ঘটাব পাৰি। অসমত আজি বহুতো আত্মসহায়ক গোট গঠন হৈছে আৰু এইগোটবোৰৰ ভালেসংখ্যকে কৃষিজাত সামগ্রী ব্যৱসায়িক ভিত্তিত বিপণন কৰি লাভবা্ন হ’বলৈ সক্ষম হৈছে। তদুপৰি বহুতো যুৱক-যুৱতীক এককভাৱেও আগবঢ়ি অহা দেখা গৈছে। এনে যুৱক-যুৱতীয়ে অসমৰ থলুৱা ফল লতা বেলৰ ৰসৰ ব্যৱসায়িক দিশটোৰ বিষয়ে চিন্তা কৰিব পাৰে। উচিত মূল্য পালে ফলবিধৰ বাগিচা পাতিবলৈ ইচ্ছা কৰা কৃষকৰ অভাৱ নহ’ব। কৃষক তথা উদ্যোগী যুৱক-যুৱতীসকলক এই বিষয়ে উপযুক্ত দিহা-পৰামর্শ দিলে অসমত লতা বেলৰ ৰসৰ এখন ভাল বজাৰ সৃষ্টি হোৱাৰ পূর্ণ সম্ভাৱনা আছে।

লতা বেলৰ বিষয়ে, ইয়াৰ ব্যৱহাৰ আৰু গুণাগুণ তলত বিশ্লেষণ কৰা হ'ল - 

           লতা বেলৰ নামাৱলীসমূহ হ'ল এইধৰণৰ :

বৈজ্ঞানিক নাম : Passiflora edulis / P. edulis flavicarpa

ইংৰাজী নাম : Passion Fruit, Grandilla, Yellow Passion Fruit, Purple Grandilla

আন আন বিদেশী ভাষাত মতা নাম এনে ধৰণৰ : 

ব্ৰাজিল- মাৰাকুজা, 

স্পেনিচ- মাৰাকুয়া  আৰু গ্ৰনেদিল্লে, 

ফৰাচী- ফ্ৰোট ডি লা পেচন, 

ইটালি- ফ্ৰোট ডিল্লা পেচনে, 

ৰোমান -ফ্ৰোক্টল পেইচুনি, 

স্বিডিচ- পেচন ফ্ৰোক্ট, 

ভিয়েটনাম- কুৱা চাহ্ লিঅ', 

টাৰ্কি- চাৰকোফেলেক মেভে'চি, 

গ্ৰীক- ফ্ৰোটো ডি পেচন, 

জাৰ্মান- পেচন ফ্ৰোক্ট, 

প'ৰ্টুগাল- মাৰাকুজা, 

হাৱাই- ইল্লেক'য়

ভাৰতীয় ভাষাত ইয়াৰ নাম সমূহ - 

হিন্দী- কৃষ্ণা ফল, 

তেলেগু - কৃষ্ণা কামলা পাণ্ডো, 

বাংলা-আবেগ ফল, 

কানাড়া- উৎসা হান্নু, 

তামিল আৰু মলয়ালম- পেচন ফ্ৰোট

অসমীয়াত লতা বেলৰ আন কেইটিমান নাম হ'ল- 

খাচিয়া বেল, মেওৱা বেল, ৰাস্না,চৰবতি টেঙা, ফুই টেঙা

ক'ত ক'ত ইয়াক পোৱা যায় : 

বৰ্তমান বিশ্বৰ প্ৰায় সকলো গ্ৰীষ্মপ্ৰধান অঞ্চলত লতা বেল পোৱা যায় ৷ অতি শীত বা বৰফযুক্ত পৰিবেশ এই লতাই সহ্য কৰিব নোৱাৰে ৷  

জানিবলৈ পোৱা মতে ইয়াৰ প্ৰাথমিক উৎপত্তি স্থল হ'ল ব্ৰাজিল, পাৰাগুৱে আৰু আৰ্জেন্টিনা ৷ 

আকৌ ১৮৮০ চনৰ আগৰ পৰাই অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ সমুদ্ৰ তীৰত লতা বেল আছিল বুলি জনা যায় ৷ 

অষ্ট্ৰেলিয়াৰ পৰা লতা বেলৰ গুটি নি হাৱাই দ্বীপপুঞ্জত বাগিচাৰূপে ৰোপন কৰা হয় ৷

     ব্যৱসায়িক ভিত্তিত ইয়াৰ ৰোপন আমেৰিকা, নিউজিলেণ্ড, দক্ষিণ ফ্লৰিদা, পূব আৰু দক্ষিণ আফ্ৰিকা আৰু ভাৰত আদি দেশত কৰা হয় ৷ আমাৰ অসমতো কিছুমান নাৰ্চাৰীত লতা বেলৰ পুলি কিনিবলৈ পোৱা যায় ৷

গছৰ বৰ্ণনা : 

এজোপা লতা বেল নিজৰ দীঘল দীঘল পাক লগা আগৰ (Tendril) সহায়ত ২০ফুট পৰ্য্যন্ত বগাই যায় ৷ গছৰ আয়ুস ৫ৰ পৰা ৭বছৰ ৷ এটা পুলি  ১২ৰ পৰা ১৫মাহৰ ভিতৰত ডাঙৰহৈ ফুল ফুলে ৷ ২ৰ পৰা ৩ইঞ্চি ব্যাসৰ ফুলপাহ দেখিবলৈ বৰ শুৱনি - ঔ ফুলৰ নিচিনা ৷ 

লতা বেলৰ ফুলে পাৰাগুৱে দেশৰ  ৰাষ্ট্ৰীয়  পুষ্পৰ স্বীকৃতি লাভ কৰিছে ৷  মৌ-মাখিৰ সহায়ত পলিনেচন হয় আৰু  তাৰ ৭০৷ ৮০দিন পিছত গছত সেউজীয়া বৰণৰ ফল লাগে ৷ ফল পূৰঠ হলে  প্ৰজাতি অনুসৰি হালধীয়া বা বেঙুনীয়া বৰণ লয় ৷ তিনিকোণীয়া পাতৰ বৰণ ডাঠ সেউজীয়া ৷ আঢ়ৈ বা তিনি ইঞ্চি বহল ফলৰ আকৃতি ঘূৰণীয়া বা ডিম্বাকৃতিৰ হয় ৷ ফলৰ বাহিৰখন মিহি আৰু উজ্বল ৷ ইয়াৰ ডাঠ ছালৰ ভিতৰত মুগা বা ক'লা বৰণৰ দুই-আঢ়ৈশ গুটি থাকে ৷ ফলৰ ভিতৰত পাতল জালেৰে আৱৰি কিছু পৰিমাণৰ ৰস থাকে ৷ ইয়াৰ এটা স্বকীয় সুবাস আৰু টেঙা-মিঠা স্বাদ থাকে ৷

লতা বেলৰ সাধাৰণতে দুটি প্ৰজাতি দেখা যায় - 

হালধীয়া (Golden Passion Fruit) আৰু বেঙুনীয়া (Purple Passin Fruit / Passiflora edulis) ৷ স্বাদত দ্বিতীয় বিধ বেচি মিঠা আৰু ৩৫ শতাংশ বেচি ৰসাল ৷ এই দুয়োবিধৰ মিশ্ৰণৰে অনেক হাইব্ৰিড  বৰ্তমান সৃষ্টি কৰা হৈছে ৷

কি কি লাগতিয়াল তত্ব ইয়াত থাকে : 

        লতা বেল ভিটামিন,খনিজ পদাৰ্থ,এন্টিঅক্সিডেন্ট আদিৰে পৰিপূৰ্ণ ৷ ইয়াত পানীৰ পৰিমাণ হ'ল ৭০শতাংশ ৷ ১০০গ্ৰাম ফলত শক্তি থাকে ৯৭কেলৰি ৷ 

কাৰ্ব'হাইড্ৰেট ২২.৪ গ্ৰাম, প্ৰটিন ২.২গ্ৰাম, ফেট ৭০০মিলিগ্ৰাম, ডায়েটেৰী ফাইবাৰ ১০.৪ গ্ৰাম (অৰ্থাৎ ২৭ শতাংশ) ৷ আৰু আছে - লাইকোপেন, বিটা-কেৰটিন; ভিটামিন -এ, ভিটামিন - বি২, ভিটামিন -বি৩, ভিটামিন -বি৬, ভিটামিন -বি৯,  কলিন, ভিটামিন - কে, ভিটামিন -চি; খনিজসমূহ হ'ল আয়ৰণ, কেলচিয়াম, জিংক, মেগনেচিয়াম,  ফচফোৰাচ,  ক'পাৰ, প'টেচিয়াম (৩৪৮মিলিগ্ৰাম),চ'ডিয়াম (২৮ মিলিগ্ৰাম) ৷

কি দৰে ইয়াৰ সেৱন কৰা হয় ?

• কেঁচাই চোবাই খাবলৈ হলে - ফলটো ফালি লৈ ভিতৰৰ অংশ চামুচৰে ভালকৈ ৰুকি খাব পাৰে ৷

• ভিতৰৰ অংশ পানীৰ সৈতে মিহলাই ৰুচি অনুসৰি সামান্য লোণ আৰু চেনি মিহলাই চৰবত বনাই খাব পাৰে ৷ যাৰ জুতি আৰু সুবাস অপূৰ্ব ৷ শ্ৰীলংকা,  ইণ্ডোনেচিয়া আৰু চিংগাপুৰৰ  ৰোষ্ট্ৰোৰাসমূহত নিয়মিতভাবে এনে চৰবত পৰিবেশন কৰা হয় ৷

• সম্পূৰ্ণ ফলটো ভিতৰৰ অংশসহ সৰু সৰুকৈ কূটি দাইল বা নিৰামিখ আঞ্জাত দি নহলে মাছৰ সৈতে সুস্বাদুকৈ ৰান্ধি খাব পাৰে ৷  এনেদৰে ৰন্ধা আঞ্জাৰ জোলখন দেখিবলৈ আৰু স্বাদটো ঔটেঙাৰ সদৃশ্য ৷

• আন আন পাচলিৰ সৈতে চালাডৰ মিশ্ৰণ কৰি খাব পাৰে ৷

• জাম,জেলি ইয়াৰ পৰা বনাই খাব পাৰে ৷

• দৈ, আইচক্ৰিম, চীজ-কেক,ফলৰ চালাড আদিৰ মিশ্ৰণতো লতা বেল ব্যৱহৃত হয় ৷  

• সুবাস বঢ়াবলৈ লতা বেলৰ ৰস আন আন চৰবতৰ সৈতে মিহলোৱা হয় ৷             

উপকাৰিতাসমূহ :

        বিখ্যাত ফ্লৰিডা বিশ্ববিদ্যালয়কে ধৰি বিশ্বৰ বহু ঠাইত লতা বেলৰ উপকাৰিতাৰ বিষয়ে অনেক গবেষণা পত্ৰ প্ৰকাশিত হৈছে ৷ 

তলত চমুকৈ ইয়াৰ উপকাৰিতাৰ  তালিকাখন ডাঙি ধৰিলোঁ : -

(১) শৰীৰৰ ইমিউনিটি বৃদ্ধি কৰাত সহায়ক- ভিটামিন-চি, কেৰ'টিন, ক্ৰিপ্তঝেনথিন  আৰু আন আন এন্টি অক্সিডেন্টৰ  উপস্থিতিৰ বাবে এয়া সম্ভৱপৰ ৷

(২) কেঞ্চাৰ প্ৰতিৰোধক- অহিতকাৰী ফ্ৰি-ৰেডিকেলৰ বিনাশ ঘটাই কৰ্কট ৰোগ প্ৰতিৰোধ কৰে ৷  বিশেষকৈ মুখ গহ্বৰৰ,কল'নৰ আৰু হাওঁফাওঁৰ কেঞ্চাৰ প্ৰতিৰোধ কৰাত ভূমিকা আছে বুলি বিভিন্ন সূত্ৰত প্ৰকাশ ৷

(৩) পাক প্ৰণালীৰ ক্ষেত্ৰত উপযোগিতা- পৰ্য্যাপ্ত ফাইবাৰৰ উপস্থিতিৰ বাবে খাদ্য সহজে হজম হয়, পাক প্ৰণালীৰ নাড়ীসমূহৰ চলাচল সুগম হয় আৰু শৌচ খোলোচা হয় ৷

(৪) চকুৰ সুস্বাস্থ্যত ভূমিকা- ঘাইকৈ ভিটামিন-এ ৰ উপস্থিতিৰ বাবে কুকুৰিকণা, কেটেৰেক্ট,  মেকুলাৰ ডিজেনেৰচন আদি ৰোধ হয় ৷

(৫) ৰক্তচাপ নিয়ন্ত্ৰণত ইয়াৰ ভূমিকা - প'টেচিয়ামৰ উল্লেখনীয় ভূমিকা হ'ল তেজৰ নলী বহলাই দিয়া (Vasodilator action) - যাৰ বাবে উচ্চ ৰক্তচাপ হ্ৰাস পায় ৷ তদুপৰি প'টেচিয়ামে  দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ ৰখাত লাগতিয়াল ভূমিকা পালন কৰে ৷

(৬)দেহৰ তেজ চলাচল সুগম কৰে - ক'পাৰ,আইৰণ আৰু প'টেচিয়ামৰ বাবে এয়া সম্ভৱপৰ ৷

(৭) হাঁড়ৰ সুৰক্ষাত লোৱা ভূমিকা -  আয়ৰণ, কেলচিয়াম, জিংক, মেগনেচিয়াম, ফচফোৰাচ,  ক'পাৰ আদি খনিজসমূহৰ বাবে এয়া সম্ভৱ ৷ হাঁড়ৰ ক্ষয় আৰু বাত বিষ জাতীয় ৰোগ ই প্ৰতিৰোধ কৰে ৷

(৮) চৰ্মৰ উজ্বলতা বঢ়ায়, বয়সৰ আঁচোৰ ৰোধ কৰাত ভিটামিন-এ সহায়ক ৷

(৯) হাঁপানি, হুপিং কাহ, চৰ্দি আৰু শ্বাস ৰোগৰ নিয়ন্ত্ৰণত উল্লেখযোগ্য ভূমিকা - লতা বেলত থকা হাৰমান নামৰ এলকেলইডে হিষ্টামিনৰ ক্ৰিয়াক বাধা দিয়ে,যাৰ ফলত হাঁপানিৰ লক্ষণসমূহ হ্ৰাস পায় ৷

(১০) মানসিক স্বাস্থ্য ৰক্ষাত ভূমিকা-  ই  মানসিক চাপ বা ষ্ট্ৰেচ আৰু মনৰ অস্থিৰতা  কমায় ৷ নিদ্ৰা অনাত সহায়ক হয় ৷ এলকেলইড হাৰমান আৰু আন ৰাসায়নিক তত্বৰ বাবেই ই মস্তিষ্কৰ বাবে উপকাৰী ৷

সাধাৰণ সতৰ্কীকৰণ : 

- কাচিৎ কোনো ব্যক্তিৰ ক্ষেত্ৰত এলাৰ্জি দেখা দিলে লতা বেল সেৱন নকৰিব ৷ লেটেক্স এলাৰ্জি থকা লোকৰ এই ফলৰো এলাৰ্জি হব পাৰে ৷

- আকৌ ডায়েবেটিজ ৰোগীয়ে অত্যধিক পৰিমাণত ইয়াৰ সেৱন নকৰিব ৷ অন্যথাই তেজত চুগাৰৰ পৰিমাণ বৃদ্ধি হব পাৰে ৷

কোনাবাই খাব বিচাৰিলে তলৰ লিংকত ক্লিক কৰি লব পাৰিব আৰু যদি কোনোবাই ঘৰতে লতাবেলৰ উৎপাদন কৰিব বিচাৰে তেনেহলে লতা বেলৰ বীজ লৈ ঘৰতে ৰোপন কৰিব পাৰে।

লতা বেল সংগ্ৰহৰ লিংক : ইয়াত ক্লিক কৰক

লতাবেলৰ বীজ সংগ্ৰহৰ লিংক : ইয়াত ক্লিক কৰক

লতা বেল সম্পৰ্কীয় এই অতি গুৰুত্বপূৰ্ণ দিশ তথা ইয়াৰ উপকাৰীতা বোৰ আপোনাৰ বন্ধু, প্ৰিয়জন, পৰিয়াল বৰ্গ সকলোলৈ প্ৰেৰণ কৰি সকলোকে ইয়াৰ সুফলবোৰ লাভ কৰাত আৰু লতা বেলৰ বিষয়ে জনাত সহায় কৰক।

You can also visit : 

• ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

• লিভাৰ চিৰ'চিছ্ মানেনো কি ? ইয়াৰ লক্ষণ, কাৰণ, প্ৰতিৰোধমূলক ব্যৱস্থা

• ২০ টা অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য সম্পৰ্কীয় টিপছ্

• স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত থলুৱা ব্যঞ্জন

• ১৮টা অতি গুৰুত্বপূৰ্ণ বৃক্ক ৰোগৰ প্ৰতিৰোধ কৰাৰ উপায়

• মহিলাৰ মেদবহুলতাৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায়

• এলাৰ্জীৰ লক্ষণ ইয়াৰ জটিলতাসমূহ আৰু প্ৰতিৰোধ

To follow Health Tips Assam you just need to click the below social media links. Thank You. 

• Visit HomePage - Health Tips Assam

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our Instagram Page

Well if you like this article on 10 Astonishing Benefits of Passion Fruit in Assamese : Facts, Health Nutrition and How to Eat Passion Fruit, do comment & show your support by sharing it to the others and if there is any query you are welcome to ask.

Post a Comment

0 Comments